ফাঁচিকাঠত ওলমাটো নিশ্চিত হ’ল নিৰ্ভয়া কাণ্ডৰ দোষীৰ, মুকেশ সিঙৰ ক্ষমা আবেদন খাৰিজ ৰাষ্ট্ৰপতিৰ

News18 Assam | News18-Assam
Updated:January 17, 2020, 12:41 PM IST
ফাঁচিকাঠত ওলমাটো নিশ্চিত হ’ল নিৰ্ভয়া কাণ্ডৰ দোষীৰ, মুকেশ সিঙৰ ক্ষমা আবেদন খাৰিজ ৰাষ্ট্ৰপতিৰ
আম আদমি পাৰ্টী চৰকাৰে বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ক জনাইছিল যে নিৰ্ভয়া কাণ্ডৰ দোষীৰ পূৰ্ব নিৰ্ধাৰিত ২২ জানুৱাৰীত ফাঁচি দিব পৰা নাযাব, কিয়নো তেওঁলোকৰ ভিতৰত এজন দোষীয়ে ক্ষমা আবেদন দাখিল কৰিছে আৰু নিয়ম অনুসৰি, যেতিয়ালৈকে সকলো আইনী বিকল্প শেষ নহয়, তেতিয়ালৈ ফাঁচি দিব পৰা নাযায়।

  • Share this:
নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশ সিঙৰ ক্ষমা আবেদন খাৰিজ কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নিৰ্ভয়া কাণ্ডৰ দোষীৰ এখনেই ক্ষমা আবেদন শুকুৰবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। মন্ত্ৰণালয়ে আবেদনখন অস্বীকাৰ কৰাৰ পোষকতা কৰিছিল। নিৰ্ভয়া দলবদ্ধ বলাৎকাৰ আৰু হত্যাৰ গোচৰত মৃত্যুদণ্ডৰে দণ্ডিত চাৰি দোষীৰ ভিতৰত মুকেশ সিঙে কিছুদিন পূৰ্বে ক্ষমা আবেদন দাখিল কৰিছিল।

দিল্লীৰ উপ–ৰাজ্যপালে বৃহস্পতিবাৰে মুকেশ সিঙৰ ক্ষমা আবেদন গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰিছিল। ইয়াৰ এদিন পূৰ্বে দিল্লী চৰকাৰে আবেদন অস্বীকাৰ কৰাৰ পোষকতা কৰিছিল। চাৰিওজন দোষী ৩২ বছৰীয়া মুকেশ সিং, ২৬ বছৰীয়া বিনয় শৰ্মা, ৩১ বছৰীয়া অক্ষয় কুমাৰ সিং আৰু ২৫ বছৰীয়া পৱন গুপ্তাৰ বিৰুদ্ধে ৭ জানুৱাৰীত জাৰি কৰা হৈছিল ডেথ ৱাৰেণ্ট। ২২ জানুৱাৰীত ফাঁচিৰ দিন নিৰ্ধাৰণ কৰিছিল আদালতে।

আম আদমি পাৰ্টী চৰকাৰে বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ক জনাইছিল যে নিৰ্ভয়া কাণ্ডৰ দোষীৰ পূৰ্ব নিৰ্ধাৰিত ২২ জানুৱাৰীত ফাঁচি দিব পৰা নাযাব, কিয়নো তেওঁলোকৰ ভিতৰত এজন দোষীয়ে ক্ষমা আবেদন দাখিল কৰিছে আৰু নিয়ম অনুসৰি, যেতিয়ালৈকে সকলো আইনী বিকল্প শেষ নহয়, তেতিয়ালৈ ফাঁচি দিব পৰা নাযায়।

নিৰ্ভয়া হত্যাকাণ্ডক লৈ অলপো অনুশোচনা নথকা চাৰিওটা অপৰাধীয়ে প্ৰাণ ৰক্ষা কৰিবলৈ সকলো পন্থা গ্ৰহণ কৰিছে। উচ্চতম ন্যায়ালয়ত এতিয়ালৈ অপৰাধীৰ আৱেদন তিনিবাৰ খাৰিজ হৈছে। নিম্ন আদালত আৰু উচ্চ ন্যায়ালয়ত ফাঁচি স্থগিত ৰাখিবলৈ কৰা আৱেদন খাৰিজ হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ত ফাঁচি স্থগিত ৰাখিবলৈ আৱেদন কৰিছিল আৰু সেইখনো খাৰিজ হৈছিল। ইয়াৰ পিছত অভিযুক্তই আকৌ ৰিভিউ পেটিশ্যন দাখিল কৰে আৰু সেইখনো খাৰিজ হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি