ভাৰতৰ নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত দেওবাৰে সন্ধিয়া দেশবাসীক সম্বোধন কৰিব । ৰাষ্ট্ৰপতি হিচাপে এইটো হ’ব তেওঁৰ ৰাষ্ট্ৰলৈ প্ৰথমটো ভাষণ। ৰাষ্ট্ৰপতি ভৱনৰ এক বিবৃতি অনুসৰি, ৰাষ্ট্ৰপতিৰ ভাষণ সন্ধিয়া ৭ বজাৰ পৰা অল ইণ্ডিয়া ৰেডিঅ'ৰ সকলো ৰাষ্ট্ৰীয় নেটৱৰ্ক আৰু দূৰদৰ্শনৰ সকলো চেনেলত সম্প্ৰচাৰ কৰা হ'ব। জানিব পৰা মতে, ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণটো প্ৰথমতে হিন্দী ভাষা আৰু তাৰ পিছত ইংৰাজী ভাষাত সম্প্ৰচাৰ কৰা হ'ব।
ৰাষ্ট্ৰপতি ভৱনৰ এক বিবৃতিৰ মতে, চৰকাৰী সংবাদ মাধ্যম দূৰদৰ্শনত হিন্দী আৰু ইংৰাজী ভাষাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীলৈ কৰিব লগা সম্বোধন সম্প্ৰচাৰ কৰাৰ পিছত সেই ভাষণ দেশখনৰ আঞ্চলিক সংবাদ মাধ্যমসমূহৰ দ্বাৰা সংশ্লিষ্ট আঞ্চলিক ভাষাত সম্প্ৰচাৰ কৰা হ'ব।
উল্লেখযোগ্য যে অল ইণ্ডিয়া ৰেডিঅ'ই ইয়াৰ নিজ নিজ আঞ্চলিক নেটৱৰ্কত নিশা ৯ বাজি ৩০ মিনিটত আঞ্চলিক ভাষাত সম্প্ৰচাৰ কৰিব। ৬৪ বছৰীয়া ৰাষ্ট্ৰপতি মুৰ্মুৱে বিগত ২৫ জুলাইত দেশৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। শীৰ্ষ সাংবিধানিক পদত অধিষ্ঠিত হোৱা তেওঁ আটাইতকৈ কনিষ্ঠ আৰু প্ৰথম জনজাতীয় নাগৰিক। এইখিনিতে উল্লেখনীয় যে দ্ৰৌপদী মুৰ্মু ভাৰতৰ স্বাধীনতাৰ পিছত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|