NCP দলৰ শীৰ্ষ নেতা শাৰদ পাৱাৰ (Sharad Pawar) আৰু নেচনেল কনফাৰেন্স (National Conference (NC)ৰ নেতা ফাৰুক আব্দুল্লা (Farooq Abdullah)ই এই প্ৰস্তাৱ নাকচ কৰাৰ পিছতে গোপালকৃষ্ণ গান্ধী বিৰোধী শিবিৰৰ ফ্ৰণ্টৰানাৰ প্ৰাৰ্থী বুলি প্ৰকাশ পোৱাৰ সময়তে তেওঁ এই বিবৃতি প্ৰকাশ কৰিছে। এটা সূত্ৰই জনোৱা মতে, বিৰোধী দলৰ একাংশ নেতাই গান্ধীৰ সৈতে ফোনযোগে কথা পাতি তেওঁলোকৰ অনুৰোধ বিবেচনা কৰিবলৈ আহ্বান জনাইছে। মঙলবাৰে বিৰোধী দলসমূহৰ বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে আৰু এজন সৰ্বসন্মত প্ৰাৰ্থীৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।
২০০৪ চনৰ পৰা ২০০৯ চনলৈ পশ্চিম বংগৰ গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৭৭ বছৰীয়া গোপালকৃষ্ণ গান্ধীয়ে। প্ৰাক্তন আমোলাগৰাকীয়ে দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকা (South Africa and Sri Lanka)ত ভাৰতৰ উচ্চায়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
উল্লেখ্য যে ১৮ জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন।