দেশত এতিয়া কোৰোণা ভাইৰাছৰ আতংকত। কোৰোণাৰ আতংকৰ মাজতে ঠায়ে ঠায়ে সংঘটিত হৈছে অনাকাংক্ষিত ঘটনা।
দেশত এতিয়া কোৰোণা ভাইৰাছৰ আতংকত। কোৰোণাৰ আতংকৰ মাজতে ঠায়ে ঠায়ে সংঘটিত হৈছে অনাকাংক্ষিত ঘটনা।
কোৰোণা ভাইৰাছৰ আতংকৰ বাবেই উৰিষ্যাত এগৰাকী গৰ্ভৱতী মহিলাক ট্ৰলীত নিবলগীয়া হ’ল চিকিত্সালয়লৈ। প্ৰসৱৰ যন্ত্ৰণাত চটফটাই থকা মহিলাগৰাকীক নিবলৈ এম্বুলেঞ্চ আহিছিল যদিও, গাওঁবাসীয়ে সোমাবলৈ নিদিলে এম্বুলেঞ্চখন। ফলত নিৰূপায় হৈ পৰিয়ালৰ লোকে বহু কিলোমিটাৰ বাট ট্ৰলীত নিবলগীয়া হ’ল চিকিত্সালয়লৈ।
ঘটনাটো সংঘটিত হ’ল উৰিষ্যাৰ জজপুৰত। জজপুৰৰ বেইনশ্ৰীয়া গাঁৱৰ হৰেকৃষ্ণ ওঝা নামৰ লোকজনে নিজৰ গৰ্ভৱতী পত্নীক চিকিত্সালয়লৈ নিবলৈ ১০৮ সেৱাৰ জৰিয়তে এম্বুলেঞ্চ মাতি পঠিয়াইছিল যদিও কোৰোণা ভাইৰাছৰ আতংকত ঘৰত সোমাবলৈ নিদিলে এম্বুলেঞ্চখন।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|