২৪ সপ্তাহ পৰ্যন্ত মহিলাই কৰিব পাৰিব গৰ্ভপাত, কেন্দ্ৰীয় কেবিনেটে বৃদ্ধি কৰিলে গৰ্ভপাতৰ সীমা

News18 Assam | News18-Assam
Updated:January 29, 2020, 5:08 PM IST
২৪ সপ্তাহ পৰ্যন্ত মহিলাই কৰিব পাৰিব গৰ্ভপাত, কেন্দ্ৰীয় কেবিনেটে বৃদ্ধি কৰিলে গৰ্ভপাতৰ সীমা
Source-Google

কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

  • Share this:
কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিছে গৰ্ভপাতৰ সময়সীমা। এই সন্দৰ্ভত  কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাড়ে মিডিয়াৰ আগত মন্তব্য প্ৰকাশ কৰে যে, কেবিনেটে গৰ্ভপাত কৰাৰ অনুমতিৰ বাবে অধিকতম সীমা ২০ সপ্তাহৰ পৰা ২৪ সপ্তাহলৈ বৃদ্ধি কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে ‘চিকিৎসা গৰ্ভপাত সম্বন্ধীয় বিধেয়ক ২০২০’ক বুধবাৰে মঞ্জুৰী প্ৰদান কৰা। য’ত গৰ্ভপাত কৰাৰ সীমা ২০ সপ্তাহৰ পৰা বৃদ্ধি কৰি ২৪ সপ্তাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত হোৱা কেবিনেট বৈঠকত এই প্ৰস্তাৱক সন্মতি প্ৰদান কৰা হয়। গৰ্ভপাতৰ সময়সীমা বৃদ্ধি কৰিবলৈ বিগত বছৰ প্ৰস্তাৱ দিয়া হৈছিল।

আৰু চাওক
পৰৱৰ্তী বাতৰি