• Home
  • »
  • News
  • »
  • nation
  • »
  • কোৰোণা সংক্ৰমিত AIIMSৰ চিকিত্‍সক, এতিয়া ৯মহীয়া গৰ্ভৱতী পত্নীও ওলাল কোৰোণা পজিটিভ

কোৰোণা সংক্ৰমিত AIIMSৰ চিকিত্‍সক, এতিয়া ৯মহীয়া গৰ্ভৱতী পত্নীও ওলাল কোৰোণা পজিটিভ

AIIMS কৰ্তৃপক্ষই জনায় যে শিশুটি উপযুক্ত চিকিৎসা আৰু প্ৰট’কল মানি ডেলিভাৰ কৰোৱা হ’ব। 

AIIMS কৰ্তৃপক্ষই জনায় যে শিশুটি উপযুক্ত চিকিৎসা আৰু প্ৰট’কল মানি ডেলিভাৰ কৰোৱা হ’ব। 

AIIMS কৰ্তৃপক্ষই জনায় যে শিশুটি উপযুক্ত চিকিৎসা আৰু প্ৰট’কল মানি ডেলিভাৰ কৰোৱা হ’ব। 

  • Share this:
AIIMSৰ এজন চিকিৎসক বৃহস্পতিবাৰে আগবেলা Covid-19ৰ দ্বাৰা আক্ৰান্ত বুলি ওলোৱাৰ পিছতে একেদিনাই তেওঁৰ ৯মহীয়া গৰ্ভৱতী পত্নীও পজিটিভ ওলায়। হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে ইতিমধ্যে মাতৃগৰাকীক আইছ’লেট কৰা হৈছে আৰু তেওঁৰ ডেলিভাৰী AIIMSতে কৰোৱা হ’ব।

"আমি সকলো সাৱধানতা অৱলম্বন কৰি শিশুটি ডেলিভাৰ কৰোৱাম। উপযুক্ত চিকিৎসা আৰু প্ৰট’কল মানি চিকিৎসকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁলোকে PPE পৰিধান কৰিব আৰু সকলো আহিলা বীজাণুমুক্ত কৰা হ’ব।" তেওঁলোকে কয়।

আনহাতে জৰুৰীকালীন সেৱাত নিবৃত মহিলাগৰাকীৰ স্বামী ফিজিঅ’লজি বিভাগৰ জ্যেষ্ঠ চিকিৎসকজনক নতুন প্ৰাইভেট ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ সংস্পৰ্শলৈ অহা সকলোৰে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে হোম কোৱাৰানটাইন কৰা হৈছে।

চিকিত্‍সকজনৰ সকলো পৰিয়ালৰ সদস্যক স্ক্ৰীনিং কৰাৰ লগতে তেওঁলোকৰ নমুনা পৰীক্ষা কৰা হ’ব। এইপৰ্যন্ত চিকিৎসকজনৰ ইনফেকচন হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও চিকিৎসকজন বিদেশলৈ যোৱাৰ ট্ৰেভেল হিষ্ট্ৰী পোৱা নাই।
Published by:Tulika Devi
First published: