মানৱক লজ্জানত কৰা এক জঘন্য ঘটনা ঘটিল ভগৱানৰ দেশ কেৰালাত। যোৱা সপ্তাহত দাক্ষিণাত্যৰ ৰাজ্যখনৰ মালাপ্পুৰম জিলাত বনৰীয়া হাতী এজনীক জ্বলন্ত ফটকা ভৰাই এটা আনাৰস খাবলৈ দিলে স্থানীয় লোকে। লোক সকলে উদ্দেশ্যপ্ৰণোদিতভাৱে এনে কাম কৰাৰ পিছত ফটকাসমূহ হাতীজনীৰ মুখতে বিস্ফোৰণ ঘটে। হাতীজনী গৰ্ভৱতী আছিল।
সমীপৰ জংঘলৰ পৰা খাদ্যৰ সন্ধানত গৰ্ভৱতী হাতীজনীয়ে জনাঞ্চলত প্ৰৱেশ কৰিছিল। কেৰালা চৰকাৰৰ Rapid Response Teamৰ বিষয়া মোহন কৃষ্ণণে ফেচবুকৰ যোগেদি জনোৱা মতে, বিস্ফোৰণটো ইমানেই ভয়ানক আছিল যে হাতীজনীৰ মুখ আৰু জিভা চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছিল। তীব্র যন্ত্ৰণাত ভুগি হাতীজনীয়ে প্ৰথমে গোটেই গাঁওখন দৌৰি ফুৰিলে আৰু শেষত নদীৰ পানীত নিজৰ শুঁৰ আৰু মুখখন গুজি থৈ কিছু প্ৰশান্তি লাভৰ চেষ্টা কৰিলে।
বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে অশেষ চেষ্টা কৰিও প্ৰশিক্ষণপ্ৰাপ্ত হাতী ব্যৱহাৰ কৰিও জীৱিত অৱস্থাত উদ্ধাৰ কৰিব নোৱাৰিলে হাতীজনীক, ফেচবুক পোষ্টটোত উল্লেখ কৰিলে কৃষ্ণণে। মৰণোত্তৰ পৰীক্ষাত গম পোৱা গ’ল যে হাতীজনী গৰ্ভৱতী আছিল। এখন ট্ৰাকেৰে হাতীজনীক জংঘললৈ লৈ গৈ শেষকৃত্য সম্পন্ন কৰা হ’ল বুলিও জনালে কৃষ্ণণে। উল্লেখযোগ্য যে হাতীজনী গাঁৱৰ এজনো মানুহক আক্ৰমণ নকৰিলে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 03, 2020, 07:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।