মমতা বেনাৰ্জীৰ শেষ আশ্ৰয়স্থল এতিয়া ‘প্ৰশান্ত কিশোৰ’!

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন সমাগত! ‘নিৰ্বাচন এক্চপাৰ্ট’ প্ৰশান্ত কিশোৰৰ হাতত ধৰি নিৰ্বাচনী বৈতৰ‍ণী পাৰ কৰাৰ চেষ্টা মমতা বেনাৰ্জীৰ।

news18assam
Updated:June 6, 2019, 10:47 PM IST
মমতা বেনাৰ্জীৰ শেষ আশ্ৰয়স্থল এতিয়া ‘প্ৰশান্ত কিশোৰ’!
পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন সমাগত! ‘নিৰ্বাচন এক্চপাৰ্ট’ প্ৰশান্ত কিশোৰৰ হাতত ধৰি নিৰ্বাচনী বৈতৰ‍ণী পাৰ কৰাৰ চেষ্টা মমতা বেনাৰ্জীৰ।
news18assam
Updated: June 6, 2019, 10:47 PM IST
লোকসভা নিৰ্বাচনত বিজেপিৰ হাতত পৰাস্ত হোৱাৰ পিছত এতিয়া তীব্ৰ হতাশাত ভুগিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত এতিয়া বাটে ঘাটে অপদস্থ হ’বলগীয়াও হৈছে মমতা বেনাৰ্জী। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনলৈও এতিয়া বেছি দিন নাই, ফলত এতিয়া যিকোনো প্ৰকাৰে আকৌ পশ্চিমবংগত নিজৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ বদ্ধ পৰিকৰ তৃণমুল কংগ্ৰেছৰ নেত্ৰীগৰকী।



নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া ভাৰতীয় ৰাজনীতিৰ চানক্য হিচাপে জনাজাত প্ৰশান্ত কিশোৰৰ কাষ চাপিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী। বৃহস্পতিবাৰে মমতা বেনাৰ্জী আৰু প্ৰসান্ত কিশোৰৰ মাজত সমাগত পশ্চিমবংগ বিধানসভা নিৰ্বাচনত মমতা বাহিনীয়ে কি ৰণনীতিৰে বিজেপিক ৰুধিব পাৰিব সেইলৈ প্ৰায় দুঘণ্টা জোৰা এক বৈঠকত মিলিত হয়।



উল্লেখযোগ্য যে প্ৰশান্ত কিশোৰে কিছু দিনৰ আগত হৈ  যোৱা অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত জগমোহন ৰোড্ডীৰ দলক চৰকাৰত অধিস্থিত হোৱাত গুৰুত্বপূৰ্ণ ভুমিকা লৈছিল। সেইদৰে প্ৰশান্ত কিশোৰে বিহাৰ, পঞ্জাৱৰ বিধানসভা নিৰ্বাচনতো লৈছিল গুৰুত্বপূৰ্ণ ভুমিকা। ২০১৪ চনত প্ৰশান্ত কিশোৰ আছিল কেন্দ্ৰত বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰাৰ অন্যতম মাষ্টাৰমাইণ্ড।
আৰু চাওক পৰৱৰ্তী বাতৰি