দেশৰ প্ৰখ্যাত নিৰ্বাচন ৰণনীতিবিদ প্ৰশান্ত কিশোৰে আজি গোৱাত এখন সভা সম্বোধন কৰি কংগ্ৰেছলৈ একপ্ৰকাৰ পৰামৰ্শমূলক সকীয়নি প্ৰদান কৰিলে। এই সভাত নিৰ্বাচনী ৰণনীতিবিদগৰাকীয়ে কয় যে বিজেপি আৰু "কেইবা দশক ধৰি" ক'লৈকো নাযায়, আৰু ৰাহুল গান্ধীৰ সমস্যাটো হৈছে যে তেওঁ এইটো উপলব্ধি নকৰে।
"তেনে কোনো ভুল নকৰিব, বিজেপি ইয়ালৈ কেইবা দশক ধৰি থাকিবলৈ আহিছে আৰু ৰাহুল গান্ধীয়ে এই কথাটো বুজি পোৱাত ব্যৰ্থ হৈছে।" –প্ৰশান্ত কিশোৰ (Prashant Kishor)এ কয়।
আমোদজনকভাৱে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰথম তিনিদিনীয়া গোৱা ভ্ৰমণৰ এদিন আগতে প্ৰশান্ত কিশোৰে এই কথা কয়।
প্ৰশান্ত কিশোৰে লগতে কয়– ''বিজেপি ভাৰতীয় ৰাজনীতিৰ কেন্দ্ৰ হ'বলৈ গৈ আছে, তেওঁলোকে জিককেই বা হাৰকেই, যিদৰে প্ৰথম ৪০ বছৰ কংগ্ৰেছ ৰাজনীতিৰ কেন্দ্ৰ হৈছিল। বিজেপি ক'লৈকো নাযায়। এবাৰ আপুনি ভাৰতীয় স্তৰত ৩০ শতাংশতকৈ অধিক ভোট লাভ কৰাৰ পিছত পুনৰ সোনকালে ক'লৈকো গুচি নাযায়।"
তেওঁ লগতে কয় যে এনে কথা নভবাই ভাল যে মানুহে খং কৰিছে আৰু তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীক নস্যাৎ কৰিব। হয়তো তেওঁলোকে মোদীক নস্যাৎ কৰিব, কিন্তু বিজেপিক নহয়। বিজেপি ইয়াতে থাকিব, পৰৱৰ্তী কেইবা দশকৰ বাবে ইয়াৰ সৈতে যুঁজিব লাগিব। সোনকালে বিজেপি ক'লৈকো নাযায়।
"সম্ভৱতঃ ৰাহুল গান্ধীৰ ক্ষেত্ৰতো একেই সমস্যা। তেওঁ ভাবে যে এইটো কেৱল সময়ৰ কথা যে মানুহে তেওঁক (Prime minister Narendra Modi) নস্যাৎ কৰিব, কিন্তু এনে হ'বলৈ গৈ থকা নাই।"
উল্লেখ্য, এই মাহৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত নিহত কৃষকসকলৰ পৰিয়ালক লগ কৰাক লৈ ৰাহুল গান্ধী (Rahul Gandhi) আৰু তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ পদক্ষেপে কংগ্ৰেছক এক নতুন জীৱন প্ৰদান কৰিব বুলি ধৰি লৈছিল একাংশ কংগ্ৰেছীয়ে। কিন্তু এইক্ষেত্ৰতো প্ৰশান্ত কিশোৰে সাৱধান কৰি দিয়ে।
তেওঁ কয়– "দুৰ্ভাগ্যবশতঃ কংগ্ৰেছৰ গুৰুতৰ সমস্যা আৰু গাঁথনিগত দুৰ্বলতাৰ কোনো দ্ৰুত সমাধান নাই।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|