Prashant Kishor: প্ৰশান্ত কিশোৰে কয় যে তেওঁ অতি বিনয়েৰে কংগ্ৰেছে দলটোত যোগদানৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে আৰু ২০২৪ৰ নিৰ্বাচনৰ দায়িত্ব লোৱাৰ পৰাও বিৰত থাকিব। Prashant Kishor: প্ৰশান্ত কিশোৰে কয় যে তেওঁ অতি বিনয়েৰে কংগ্ৰেছে দলটোত যোগদানৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে আৰু ২০২৪ৰ নিৰ্বাচনৰ দায়িত্ব লোৱাৰ পৰাও বিৰত থাকিব। অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পৰিল। প্ৰশান্ত কিশোৰ (Prashant Kishor) কংগ্ৰেছলৈ নাযায়। যোৱা কেইদিনমান ধৰি দেশৰ ৰাজনীতি গৰম কৰি ৰখা প্ৰশান্ত কিশোৰৰ কংগ্ৰেছ (Congress) গমনৰ সকলো সম্ভাৱনীয়তাৰ আজি ওৰ পেলালে ৰাজনৈতিক কুশলীগৰাকীয়ে। টুইট (Tweet) এটাৰ জৰিয়তে এই কথা সদৰি কৰিলে প্ৰশান্ত কিশোৰে।
প্ৰশান্ত কিশোৰে কয় যে তেওঁ অতি বিনয়েৰে কংগ্ৰেছে দলটোত যোগদানৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে আৰু ২০২৪ৰ নিৰ্বাচনৰ দায়িত্ব লোৱাৰ পৰাও বিৰত থাকিব।
প্ৰশান্ত কিশোৰে লগতে কয় যে কংগ্ৰেছত এতিয়া গভীৰভাৱে শিপাই থকা গাঁথনিগত সমস্যাসমূহ পৰিবৰ্তনকামী সংস্কাৰেৰে সমাধান কৰিবলৈ তেওঁতকৈ অধিক নেতৃত্ব আৰু সামূহিক সদিচ্ছাৰহে প্ৰয়োজন।
উল্লেখ্য যে মাত্ৰ কিছুদিন পূৰ্বে ছোনিয়া গান্ধীক লগ ধৰি কংগ্ৰেছক উদ্ধাৰৰ বাবে ব্লুপ্ৰিণ্ট দিছিল প্ৰশান্ত কিশোৰে। পিকেৰ পৰামৰ্শক লৈ কমিটি গঠন কৰাৰ লগতে সেই কমিটিয়ে ছোনিয়াৰ হাতত প্ৰতিবেদনো দিছিল। তেতিয়াৰ পৰাই প্ৰশান্ত কিশোৰ কংগ্ৰেছলৈ যাব বুলি ব্যাপক চৰ্চা চলি আছিল। কিন্তু শেষ মুহূৰ্তত প্ৰশান্ত কিশোৰৰ কংগ্ৰেছ গমন সকলো সম্ভাৱনা তেওঁ নিজেই নাকচ কৰিলে।
Published by: Manjumoni Borah
First published: April 26, 2022, 21:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|