• Home
  • »
  • News
  • »
  • nation
  • »
  • কংগ্ৰেছত যোগদান কৰিব নেকি প্ৰশান্ত কিশোৰে? ছোনীয়া গান্ধীৰ বাসভৱনত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে প্ৰশান্ত কিশোৰৰ গুৰুত্বপূৰ্ণ বৈঠক

কংগ্ৰেছত যোগদান কৰিব নেকি প্ৰশান্ত কিশোৰে? ছোনীয়া গান্ধীৰ বাসভৱনত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে প্ৰশান্ত কিশোৰৰ গুৰুত্বপূৰ্ণ বৈঠক

কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠক। সভানেত্ৰী ছোনীয়া গান্ধীৰ বাসভৱনত অনুষ্ঠিত হৈছে বৈঠক।

কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠক। সভানেত্ৰী ছোনীয়া গান্ধীৰ বাসভৱনত অনুষ্ঠিত হৈছে বৈঠক।

কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠক। সভানেত্ৰী ছোনীয়া গান্ধীৰ বাসভৱনত অনুষ্ঠিত হৈছে বৈঠক।

  • Share this:
কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠক। সভানেত্ৰী ছোনীয়া গান্ধীৰ বাসভৱনত অনুষ্ঠিত হৈছে বৈঠক। বৈঠকত অংশগ্ৰহণ কৰিছে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতকৰ্তা প্ৰশান্ত কিশোৰেও। বৈঠকত ২০২৪ত অনুষ্ঠিত হবলগীয়া লোকসভা নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভত আলোচনা চলিছে বুলি জানিব পৰা গৈছে। লগতে চৰ্চা চলিছে যে, বিজেপিক পৰাস্ত কৰিবলৈ এইবাৰ কংগ্ৰেছৰ সমস্ত নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিব প্ৰশান্ত কিশোৰে।

প্ৰশান্ত কিশোৰ, ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ উপৰিও জ্যেষ্ঠ কংগ্ৰেছ নেতা অম্বিকা চোনি, দিগবিজয় সিং, মল্লিকাৰ্জুন খাৰ্গে, অজয় মাকেন, কেচি বেণুগোপালে বৈঠকত অংশগ্ৰহণ কৰিছে। আনকি প্ৰশান্ত কিশোৰে শীঘ্ৰে কংগ্ৰেছত যোগদান কৰিব বুলি খবৰ উলাইছে।

মাৰ্চ মাহত, প্ৰশান্ত কিশোৰে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকো লগ ধৰিছিল। যদিও ৰাহুল আৰু প্ৰিয়ংকাৰ সৈতে প্ৰশান্ত কিশোৰৰ বৈঠকৰ বিষয়ে কোনো আনুষ্ঠানিক কথা নাছিল, কিন্তু শনিবাৰৰ বৈঠকখনে প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰিব বুলি বিশেষ ভাবে চৰ্চিত হৈছে।

উল্লেখ্য যে, প্ৰশান্ত কিশোৰে ২০২০ চনত কংগ্ৰেছ দলত যোগদান কৰিবলৈ সাজু হৈছিল কিন্তু বহুতো মতবিৰোধৰ বাবে সেই পৰিকল্পনা বাস্তৱায়িত হোৱা নাছিল।
Published by:Himangshu Bhuyan
First published: