• Home
  • »
  • News
  • »
  • nation
  • »
  • নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ আসনত fevicol লগাই লাগি আছে। চকীখন যিমানেই ঘূৰালেও মুখ্যমন্ত্ৰী তেওঁৱেই থাকিব– প্ৰশান্ত কিশোৰ

নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ আসনত fevicol লগাই লাগি আছে। চকীখন যিমানেই ঘূৰালেও মুখ্যমন্ত্ৰী তেওঁৱেই থাকিব– প্ৰশান্ত কিশোৰ

নিৰ্বাচনী ৰণনীতিবিদ হিচাপে পৰিচিত প্ৰশান্ত কিশোৰে তেওঁৰ জন সুৰাজ প্ৰচাৰৰ জৰিয়তে বিহাৰৰ বিভিন্ন জিলা ভ্ৰমণ কৰি আছে।

নিৰ্বাচনী ৰণনীতিবিদ হিচাপে পৰিচিত প্ৰশান্ত কিশোৰে তেওঁৰ জন সুৰাজ প্ৰচাৰৰ জৰিয়তে বিহাৰৰ বিভিন্ন জিলা ভ্ৰমণ কৰি আছে।

নিৰ্বাচনী ৰণনীতিবিদ হিচাপে পৰিচিত প্ৰশান্ত কিশোৰে তেওঁৰ জন সুৰাজ প্ৰচাৰৰ জৰিয়তে বিহাৰৰ বিভিন্ন জিলা ভ্ৰমণ কৰি আছে।

  • Share this:
নিৰ্বাচনী ৰণনীতিবিদ হিচাপে পৰিচিত প্ৰশান্ত কিশোৰে তেওঁৰ জন সুৰাজ প্ৰচাৰৰ জৰিয়তে বিহাৰৰ বিভিন্ন জিলা ভ্ৰমণ কৰি আছে। এই কাৰ্যসূচীৰ অংশ হিচাপে কিশোৰে বুধবাৰে সমস্তিপুৰৰ পাটোৰী মহকুমাৰ নন্দিনী গাৱঁত উপস্থিত হয় য’ত তেওঁ বিহাৰ চৰকাৰক তীব্ৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয়। একে সময়তে প্ৰশান্ত কিশোৰে কয় যে, নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ আসনত fevicol লগাই লাগি আছে। চকীখন যিমানেই ঘূৰালেও মুখ্যমন্ত্ৰী তেওঁৱেই থাকিব বুলিও তেওঁ কয়।

প্ৰশান্ত কিশোৰে কয় যে, যদি মহাজোটৰ চৰকাৰে দাবী কৰা অনুসৰি ১ৰ পৰা ২ বছৰত ৫ৰ পৰা ১০ লাখ চাকৰি সৃষ্টি কৰে তেন্তে কিশোৰে তেওঁলোকৰ প্ৰচাৰ বন্ধ কৰিব। লগতে বিহাৰৰ চৰকাৰে জনসাধাৰণক মূৰ্খ বনাই আছে বুলিও মন্তব্য কৰে। যদি চৰকাৰে চাকৰি দিয়ে তেন্তে বৰ্তমানৰ পৰাই এই লোকসকলক তেওঁলোকৰ নেতা হিচাপে বিবেচনা কৰিব বুলি প্ৰশান্ত কিশোৰে কোৱাৰ লগতে সমালোচনা কৰে যে যিসকলে চাকৰিত আছে সেইসকলেই টকা পোৱা নাই আৰু নতুনকৈ লাখ লোকক চাকৰিত লোৱাৰ কথা কৈছে বিহাৰৰ চৰকাৰে।

প্ৰশান্ত কিশোৰে কয় যে তেওঁ জন সুৰাজ অভিযান আৰম্ভ কৰাৰ মাত্ৰ তিনিমাহ হৈছে আৰু বিহাৰত অস্থিৰতা আৰম্ভ হৈছে। নিৰ্বাচন অহাৰ সময়ত বহুতো নেতাই বহুবাৰ ইফালৰ পৰা সিফাল হ’ব। কিশোৰে ভৱিষ্যৎবাণী কৰি কয় যে, পৰৱৰ্তী নিৰ্বাচন অহা পৰ্যন্ত চৰকাৰে ইয়াৰ পৰা তালৈ কেইবাটাও ৰাউণ্ড ঘূৰিব। তেওঁ মন্তব্য কৰে যে, এই চৰকাৰলৈ জনসাধাৰণৰ সহযোগিতা নাই, ৰাইজে তেওঁলোকক ভোট দিয়া নাই। মহাৰাষ্ট্ৰৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে মহাৰাষ্ট্ৰত কোনো ব্যৱস্থাৰ অধীনত চৰকাৰ গঠন কৰা হৈছিল যদিও চৰকাৰ নিটিকিল। তেওঁ কয় যে ২০০৫ চনত NDA চৰকাৰে যথেষ্ট ভাল কাম কৰিছিল, ৰাইজে ইয়াৰ বাবে ভোট দিছিল।
Published by:Sanjay Kumar Das
First published: