International Yoga Day 2020 : কোৰোণাৰ সৈতে মোকাবিলাত কামত আহিব প্ৰাণায়াম : প্ৰধানমন্ত্ৰী মোদী

মোদীয়ে কয় – যোগে শৰীৰ আৰু মনক সুস্থ আৰু সবল কৰে। কঠিন পৰিস্থিতিত নিজৰ মনটো দৃঢ় কৰি ৰখাত সহায় কৰে যোগে।
মোদীয়ে কয় – যোগে শৰীৰ আৰু মনক সুস্থ আৰু সবল কৰে। কঠিন পৰিস্থিতিত নিজৰ মনটো দৃঢ় কৰি ৰখাত সহায় কৰে যোগে।
- News18 Assam
- Last Updated: June 21, 2020, 12:26 PM IST
প্ৰধানমন্ত্ৰীয়ে কয়, ‘কোৰোণাৰ প্ৰকোপে আমাৰ জীৱনৰ বহু পৰিৱৰ্তন ঘটাইছে। আৰু এই পৰিৱৰ্তনৰ সৈতেই আমি আগুৱাই যাব লাগিব। দেশক আগুৱাই নিব লাগিব উন্নতিৰ পথত। এই বিষয়ে যোগৰ গুৰুত্ব অপৰিসীম।’
প্ৰধানমন্ত্ৰীয়ে মোদীয়ে আৰু কয় যে এইবাৰৰ যোগ দিৱস ঘৰৰ পৰাই পালন কৰক। একেলগে গুৰুত্ব পাওক সমগ্ৰ পৰিয়ালৰ স্বাস্থ্য। পৰিয়ালৰ সৈতে সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰক যোগ দিৱসত। কোৰোণাৰ মোকাবিলাত প্ৰাণায়াম খুব গুৰুত্বপূৰ্ণ। প্ৰতিদিনে অভ্যাস কৰক এই যোগ। আপোনাৰ ইমিউনিটী বৃদ্ধিত সহায় কৰিব প্ৰাণায়ামে।’
মোদীয়ে কয় – সময় বিশ্বৰ মানুহে My Life-- My Yogaত অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা বুজা যায়, যোগ কিমান গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় হৈ পৰিছে।