உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Goa New CM: প্ৰমোদ সাৱন্তেই হ'ব গোৱাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত সাৱন্ত

    Goa New CM: প্ৰমোদ সাৱন্তেই হ'ব গোৱাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত সাৱন্ত

    Pramod Sawant

    Pramod Sawant

    Goa New CM: গোৱা বিধানসভা নিৰ্বাচনত, বিজেপিয়ে ৪০ খন আসনৰ ভিতৰত ২০ খন আসন লাভ কৰিছিল।

    • Share this:
    প্ৰমোদ সাৱন্ত (Pramod Sawant) গোৱাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী (Goa New CM) হ'ব। সোমবাৰে অনুষ্ঠিত বিজেপি (BJP) বিধায়িনী দলৰ এখন বৈঠকত প্ৰমোদ সাৱন্তক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় আৰু মুখ্যমন্ত্ৰীৰ বাবে তেওঁৰ নাম চুড়ান্ত কৰা হয়। প্ৰমোদ সাৱন্তে বিজেপিৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ বাবে তেওঁৰ নাম ঘোষণা কৰাত আনন্দ প্ৰকাশ কৰে আৰু ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Narendra Modi) আৰু গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah)ক ধন্যবাদ জ্ঞাপন কৰে।

    গোৱাৰ মুখ্যমন্ত্ৰী মনোনীত প্ৰমোদ সাৱন্তে কয়, "মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জনাব বিচাৰো যে তেওঁলোকে মোক অহা ৫ বছৰৰ বাবে গোৱাৰ মুখ্যমন্ত্ৰী হিচাপে কাম কৰাৰ সুযোগ দিছে। মই সুখী যে গোৱাৰ মানুহে মোক গ্ৰহণ কৰিছে। মই ৰাজ্যখনৰ উন্নয়নৰ বাবে সকলো সম্ভৱ প্ৰয়াস কৰিম।"

    গোৱা বিধানসভা নিৰ্বাচনত, বিজেপিয়ে ৪০ খন আসনৰ ভিতৰত ২০ খন আসন লাভ কৰিছিল। মহাৰাষ্ট্ৰবাদী গোমন্তক পাৰ্টিৰ দুজন বিধায়ক আৰু তিনিজন নিৰ্দলীয়ও বিজেপিলৈ তেওঁলোকৰ সমৰ্থন আগবঢ়াইছে। বিজেপি বিধানসভাত এক নিৰাপদ স্থিতিত থকা দেখা গৈছে।
    Published by:Manjumoni Borah
    First published: