মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»কোৰোণাৰ বিৰুদ্ধে যুঁজৰ বাবে ৰাষ্ট্রপতি, প্ৰধানমন্ত্ৰী আৰু সাংসদসকলৰ দৰমহা ৩০ শতাংশ কৰ্তনৰ সিদ্ধান্ত

কোৰোণাৰ বিৰুদ্ধে যুঁজৰ বাবে ৰাষ্ট্রপতি, প্ৰধানমন্ত্ৰী আৰু সাংসদসকলৰ দৰমহা ৩০ শতাংশ কৰ্তনৰ সিদ্ধান্ত

News18 Assam | News18-Assam
Updated:April 6, 2020, 5:47 PM IST
কোৰোণাৰ বিৰুদ্ধে যুঁজৰ বাবে ৰাষ্ট্রপতি, প্ৰধানমন্ত্ৰী আৰু সাংসদসকলৰ দৰমহা ৩০ শতাংশ কৰ্তনৰ সিদ্ধান্ত
Source-Google

লগতে আগন্তুক দুবছৰলৈ সাংসদসকলক সাংসদ নিধিৰ ধনৰাশি দিয়া নহ’ব।

  • Share this:
কোৰোণাৰ বিৰুদ্ধে যুঁজৰ বাবে ৰাষ্ট্রপতি, প্ৰধানমন্ত্ৰী আৰু সাংসদসকলৰ দৰমহাৰ ৩০ শতাংশ কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজি কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে জনায় যে কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজখনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সকলো সাংসদৰ বেতন আগন্তুক ১ বছৰলৈ ৩০ শতাংশ কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে আগন্তুক দুবছৰলৈ সাংসদসকলক সাংসদ নিধিৰ ধনৰাশি দিয়া নহ’ব।

জাভড়েকাৰে কয় যে ৰাষ্ট্রপতি, উপ–ৰাষ্ট্রপতি আৰু সকলো ৰাজ্যপালেও কোৰোণাৰ বিৰুদ্ধে যুঁজখনলৈ নিজৰ দৰমহা কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১ এপ্ৰিল ২০২০ৰ পৰা আগন্তুক এবছৰলৈ বেতন কৰ্তনৰ সিদ্ধান্ত কাৰ্যকৰী হ’ব। এই সমগ্ৰ ধনৰাশি দেশৰ সংগঠিত পুঁজিলৈ যাব।
Published by: Sanjay Kumar Das
First published: April 6, 2020, 5:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি