নাথুৰাম গডছে দেশভক্ত! সংসদীয় কমিটীৰ পৰা বহিষ্কাৰ বিতৰ্কিত সাংসদ প্ৰজ্ঞা সিং ঠাকুৰ

News18 Assam | News18-Assam
Updated:November 28, 2019, 12:03 PM IST
নাথুৰাম গডছে দেশভক্ত! সংসদীয় কমিটীৰ পৰা বহিষ্কাৰ বিতৰ্কিত সাংসদ প্ৰজ্ঞা সিং ঠাকুৰ
Sadhvi Pragya

লোকসভাত ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ প্ৰজ্ঞা ঠাকুৰৰ বিতৰ্কিত মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নড্ডা

  • News18 Assam
  • Last Updated: November 28, 2019, 12:03 PM IST
  • Share this:



লোকসভাত ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ প্ৰজ্ঞা ঠাকুৰৰ বিতৰ্কিত মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নড্ডা। প্ৰজ্ঞা ঠাকুৰক প্ৰতিৰক্ষা কমিটিৰ পৰা কৰা হ’ব বহিষ্কাৰ। ফলস্বৰূপে সংসদীয় কমিটীৰ বৈঠকত ভাগ ল’ব নোৱাৰিব সাংদৰগৰাকীয়ে।

বুধবাৰে বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰে লোকসভাৰ মজিয়াত জাতিৰ পিতা মহাত্মা গান্ধীক হত্যা কৰা নাথুমাৰ গডছেক দেশভক্ত বুলি কোৱাৰ লগতে লগতেই উত্তপ্ত হৈ পৰে সংসদৰ মজিয়া। সাংসদগৰাকীৰ এনে মন্তব্যৰ পিছতে বিজেপিৰ ভিতৰচৰাতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  সাংসদগৰাকীৰ এনে মন্তব্যক সমালোচনা কৰি বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নড্ডাই প্ৰজ্ঞা ঠাকুৰক  প্ৰতিৰক্ষা কমিটীৰ পৰা বহিষ্কাৰ কৰা হ’ব  বুলি উল্লেখ কৰে। নড্ডাই লগতে কয় যে, প্ৰজ্ঞা ঠাকুৰৰ এনে মন্তব্য নিন্দনীয়। বিজেপিয়ে এনে মন্তব্য বা এনে বিচাৰ কেতয়াও সমৰ্থন নকৰে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও প্ৰজ্ঞাৰ এনে মন্তব্যক নিন্দা কৰে।



 
আৰু চাওক
পৰৱৰ্তী বাতৰি