১২কোটি কৃষকলৈ মোদী চৰকাৰৰ উপহাৰ! ৩০০০টকাৰ পেঞ্চন ঘোষণা

প্ৰধানমন্ত্ৰী কৃষক পেঞ্চন আঁচনিৰ অধীনত ১২ কোটি লোকক সামৰি লোৱা হৈছে। প্ৰথম পৰ্যায়ত ৫কোটি কৃষকক এই আঁচনিৰ আওতালৈ অনা হ’ব। ১৮ৰ পৰা ৪০বছৰৰ কৃষকক সামৰি লোৱা হ’ব। ৬০বছৰৰ পিছত কৃষকক মাহে ৩০০০টকাকৈ প্ৰদান কৰা হ’ব। 

news18assam
Updated:June 1, 2019, 8:02 AM IST
১২কোটি কৃষকলৈ মোদী চৰকাৰৰ উপহাৰ! ৩০০০টকাৰ পেঞ্চন ঘোষণা
প্ৰধানমন্ত্ৰী কৃষক পেঞ্চন আঁচনিৰ অধীনত ১২ কোটি লোকক সামৰি লোৱা হৈছে। প্ৰথম পৰ্যায়ত ৫কোটি কৃষকক এই আঁচনিৰ আওতালৈ অনা হ’ব। ১৮ৰ পৰা ৪০বছৰৰ কৃষকক সামৰি লোৱা হ’ব। ৬০বছৰৰ পিছত কৃষকক মাহে ৩০০০টকাকৈ প্ৰদান কৰা হ’ব। 
news18assam
Updated: June 1, 2019, 8:02 AM IST
প্ৰথম কেবিনেটত মোদী চৰকাৰে অতি বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত ১২–১৩কোটি কৃষকক সামৰি লোৱা হ’ব। চৰকাৰে প্ৰথম পৰ্যায়ত ৫কোটি কৃষকৰ কাষ চাপিব। ১৮ৰ পৰা ৪০বছৰৰ কৃষকক সামৰি লোৱা হ’ব। ৬০বছৰৰ পিছত কৃষকক মাহে ৩০০০টকাকৈ প্ৰদান কৰা হ’ব। যদি ব্যক্তিজনৰ মৃত্যু হয় তেনেহ’লে তেওঁৰ সহধৰ্মিনীয়ে এই ধনৰ ৫০% শতাংশ লাভ কৰিব। এই আঁচনিৰ বাবে দহহাজাৰ কোটি টকা খৰছ হ’ব। উল্লেখযোগ্য যে কৃষক সন্মান নিধিৰ অধীনত দুই হেক্টৰলৈকে মাটিত খেতি কৰা কৃষকক চৰকাৰে তিনিটা কিস্তিত ৬০০০টকাকৈ বছৰি প্ৰদান কৰে। এতিয়া ৬০বছৰৰ উৰ্ধৰ কৃষকক পেঞ্চন প্ৰদান কৰি সৱলীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই আঁচনিৰ অধীনত কৃষকে যদি প্ৰতি মাহে ১০০টকা জমা কৰে তেনেহ’লে চৰকাৰেও ১০০টকাকৈ জমা কৰিব। এনেদৰে ৬০বছৰৰ পিছত তেওঁ ৩০০০টকালৈকে পেঞ্চন লাভ কৰিব। কৃষক পেঞ্চন আঁচনিৰ ক্ষেত্ৰত প্ৰায় ১০হাজাৰ কোটি টকা খৰছ হ’ব।

এই ধাৰণা কেন্দ্ৰই নিজৰে চৰকাৰ থকা এখন ৰাজ্য হাৰিয়ানাৰ পৰা গ্ৰহণ কৰাৰ চৰ্চা চলিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি