দেশবাসীক বিনমূলীয়া ভেকচিন দিয়াৰ লগতে দীপাৱলী পৰ্যন্ত দেশৰ ৮০ কোটি লোককৈ বিনামূলীয়া ৰেচন প্ৰদান কৰাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, 'এইবছৰ কোৰোণাৰ দ্বিতীয় ৱেভৰ বাবে মে' আৰু জুন মাহলৈ এই আঁচনি সম্প্ৰসাৰণ কৰা হৈছিল। কিন্তু কোৰোণাৰ ভয়াৱহাৰ প্ৰতি লক্ষ্য ৰাখি দীপাৱলী পৰ্যন্ত এই আঁচনি আগবঢ়াই নিব কেন্দ্ৰীয় চৰকাৰে। ৮০ কোটি দেশবাসীলৈ বিনামূলীয়া ৰেচন প্ৰদান কৰা হ'ব। যাতে দেশৰ কোনো লোকে ভোকত দিন কটাবলগীয়া নহয়। ভেকচিনক লৈ বহু বিভ্ৰান্তি সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছিল। কিন্তু ভাৰতত সফল ভাবেই কোৰোণাৰ টিকাকৰণ চলিব।