உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Viral Video: নিশা ৰাস্তাত দৌৰি আছে এজন যুৱক, এজন লোকে মতাৰ পিছতো যোৱা নাই গাড়ীত, ভাইৰেল ভিডিঅ'

    Viral Video: নিশা ৰাস্তাত দৌৰি আছে এজন যুৱক, এজন লোকে মতাৰ পিছতো যোৱা নাই গাড়ীত, ভাইৰেল ভিডিঅ'

    Pradeep Mehra running Viral Video: এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল সতীশ দুৱা (Retired General Satish Dua)ই প্ৰদীপক সহায়ৰ বাবে আগবাঢ়ি আহে।

    Pradeep Mehra running Viral Video: এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল সতীশ দুৱা (Retired General Satish Dua)ই প্ৰদীপক সহায়ৰ বাবে আগবাঢ়ি আহে।

    Pradeep Mehra running Viral Video: এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল সতীশ দুৱা (Retired General Satish Dua)ই প্ৰদীপক সহায়ৰ বাবে আগবাঢ়ি আহে।

    • Share this:
    ছচিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল (Viral Video) হৈছে এনে এটা ভিডিঅ' যিটোৱে আন বহুতকে অনুপ্ৰাণিত কৰিব পাৰে। এই ভিডিঅ'টোত এজন যুৱকক নিশা ৰাস্তাত দৌৰি থকা (Running Viral Video) দেখা গৈছে। এজন লোকে যুৱক জনক নিজৰ গাড়ীত লিফ্ট দিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। কিন্তু যুৱকজনে গাড়ীত নুঠি দৌৰি থাকে। কৌতুহলবশতঃ লোকজনে দৌৰি থকা যুৱকজনৰ সৈতে কথা পাতিবলৈ ধৰে আৰু দৃশ্যটো নিজৰ মোবাইলত বন্দী কৰি লয়। বহুবাৰ কোৱাৰ পিছতো কিন্তু যুৱকজনে গাড়ীত নুঠিল আৰু দৌৰি থাকিল।

    ভিডিঅ'টো শ্বেয়াৰ কৰিছে ফিল্ম মেকাৰ বিনোদ কাপ্ৰি (Filmmaker Vinod Kapri)য়ে। ভিডিঅ'টোত দেখা পোৱা যুৱক জন ১৯ বছৰীয়া প্ৰদীপ মেহৰা। এতিয়ালৈ হয়তো আপুনি বুজি পাইছে যে প্ৰদীপে (Pradeep Mehra running Viral Video) কিয় এনেদৰে নিশা ৰাস্তাত দৌৰি ফুৰিছে। হয়, জীৱন যুদ্ধত জয়ী হ'বলৈ প্ৰদীপৰ এইয়া হৈছে অক্লান্ত যুঁজ। এই য়ুঁজত প্ৰদীপে হাৰ মানিব নোখোজে আৰু সেয়ে গাড়ীত যোৱাৰ অফাৰো নাকচ কৰিব পাৰিছে। আমি আপোনাক ডিটেইলছ কোৱাৰ আগতে আপোনালোকে নিজেই এবাৰ চাই লওক এই ভিডিঅ'টো।



    সৈনিক হ'ব বিচৰা প্ৰদীপে এনেদৰেই কামৰ পৰা নিজৰ ঘৰলৈ দৌৰি দৌৰি যায়। ধনৰ নাটনিটো আছেই, কিন্তু এনে দৰে দৌৰি যোৱাৰ মূল কাৰণ হৈছে সেনা বাহিনীত ভৰ্তি হ'বলৈ প্ৰদীপৰ অনুশীলন। সেয়ে বিনোদ কাপ্ৰিয়ে গাড়ীলৈ মতাৰ পিছতো অতি বিনয়েৰে প্ৰদীপে কৈছিল, মই অনুশীলন কৰিবলৈ সময় নাপাওঁ। সেয়ে এনেদৰে কামৰ ঘৰলৈ য়াওতেই দৌৰি দৌৰি অনুশীলন কৰোঁ। গতিকে গাড়ীত যদি য়াওঁ, মোৰ অনুশীলন নহ'ব।"

    এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল সতীশ দুৱা (Retired General Satish Dua)ই প্ৰদীপক সহায়ৰ বাবে আগবাঢ়ি আহে। তেওঁ এই বিষয়ে সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা (Lt Gen Rana Pratap Kalita)ক অৱগত কৰে আৰু ৰাণা প্ৰতাপ কলিতাইও পাৰ্যমানে সকলো সহায়ৰ আশ্বাস দিছে।



    গায়ক বাদশ্বাহেও প্ৰদীপৰ এই কৰ্মৰ প্ৰশংসা কৰিছে আৰু দেশৰ ভৱিষ্যত সুৰক্ষিত হাতত আছে বুলি মন্তব্য কৰিছে।
    Published by:Manjumoni Borah
    First published: