বলিয়ালী! প্ৰভাসক লগ নাপালে ম’বাইল টাৱাৰৰ পৰা জঁপিয়াবলৈ উদ্যত অনুৰাগী

প্ৰভাসক লগ নোপোৱালৈ টাৱাৰতে থকাৰ ভাবুকি।

News18
Updated:September 12, 2019, 9:44 AM IST
বলিয়ালী! প্ৰভাসক লগ নাপালে ম’বাইল টাৱাৰৰ পৰা জঁপিয়াবলৈ উদ্যত অনুৰাগী
প্ৰভাসক লগ নোপোৱালৈ টাৱাৰতে থকাৰ ভাবুকি।
News18
Updated: September 12, 2019, 9:44 AM IST
বাহুবলী আৰু সাহোৰ তাৰকা প্ৰভাসক প্ৰত্যক্ষভাৱে লগ পোৱাৰ দাবীৰে নাচোৰবান্দা হৈ পৰা এগৰাকী অনুৰাগীয়ে কৰা কাণ্ডই সকলোকে হতভম্ব কৰিছে। এটা ম’বাইল ফোনৰ টাৱাৰত উঠি তেলেগু তাৰকা গৰাকীক লগ ধৰাৰ জেদ কৰে অনুৰাগীজনে। কোনোপধ্যেই তললৈ নামি আহিবলৈ সন্মত নোহোৱা অনুৰাগীজনে তেওঁৰ দাবী পূৰণ নকৰিলে আত্মহত্যা কৰাৰো ভাবুকি দিয়ে। তেলেংগানাৰ জংগমৰ এই অনুৰাগীজনে ম’বাইল টাৱাৰত উঠি ওপৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ ভাবুকি দিয়ে। প্ৰভাসক লগ নাপালে চৰম পদক্ষেপ লোৱাৰ ভাবুকি দিয়ে। প্ৰভাসে সেই স্থানত অতিশীঘ্ৰে উপস্থিত হোৱাৰ দাবী তোলে অনুৰাগীজনে।

ইণ্ডিয়া টুডে’ত প্ৰকাশিত খবৰ অনুসৰি স্থানীয় ৰাইজ আৰু বিষয়াসকলৰ হাজাৰ চেষ্টাৰ পিছতো যুৱকজনে তললৈ নামি আহিবলৈ সন্মত নহয়। যুৱকজন সবিশেষ এইপৰ্যন্ত উদ্ধাৰ হোৱা নাই। আনহাতে অভিনেতা প্ৰভাসৰ কাণত এই খবৰ পৰিলনে নাই সেয়াও জানিব পৰা নাযায়।

উল্লেখযোগ্য যে বাহুবলী চিৰিজেৰে দেশৰ কোটি কোটি অনুৰাগীৰ নয়নৰ মণি হৈ পৰা প্ৰভাসৰ শেহতীয়া ৰিলিজ আছিল সাহো। সদ্যহতে তেওঁ আগন্তুক চিনেমাক লৈ ব্যস্ত হৈ আছে। অভিনেতা ৰাধা কৃষ্ণ কুমাৰৰ সৈতে কাম কৰি থকা প্ৰভাসৰ বিপৰীতে এই চিনেমাত দেখা যাব অভিনেত্ৰী পুজা হেগড়েক। ছবিখন ১৯৭০চনৰ লণ্ডনৰ পটভূমিত নিৰ্মিত। ৰোমাণ্টিক ড্ৰামা ছবিখনে ২০২০ ত মুক্তি লাভ কৰাৰ আশা।
আৰু চাওক পৰৱৰ্তী বাতৰি