জম্মু–কাশ্মীৰত ৭০দিনৰ পিছত আজি পুনৰ বাজিব পোষ্টপেইড মোবাইল

উল্লেখযোগ্য যে জম্মু–কাশ্মীৰত প্ৰায় ৬৬ লাখ মোবাইল গ্ৰাহক আছে, যাৰ ভিতৰত ৪০ লাখৰ আছে পোষ্টপেইড সেৱা।

News18-Assam
Updated:October 14, 2019, 10:45 AM IST
জম্মু–কাশ্মীৰত ৭০দিনৰ পিছত আজি পুনৰ বাজিব পোষ্টপেইড মোবাইল
উল্লেখযোগ্য যে জম্মু–কাশ্মীৰত প্ৰায় ৬৬ লাখ মোবাইল গ্ৰাহক আছে, যাৰ ভিতৰত ৪০ লাখৰ আছে পোষ্টপেইড সেৱা।
News18-Assam
Updated: October 14, 2019, 10:45 AM IST
জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণাৰ ৭০ দিনৰ পিছত আজি দুপৰীয়াৰ পৰা পোষ্টপেইড মোবাইল সেৱা পুনৰ আৰম্ভ কৰা হ’ব। অৱশ্যে ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰাক লৈ কোনো সিদ্ধান্ত লোৱা হোৱা নাই। শীঘ্ৰে আৰম্ভ কৰা হ’ব ইণ্টাৰনেট সেৱাও।

জম্মু–কাশ্মীৰৰ জনজীৱন স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ প্ৰয়াস অব্যাহত ৰখা হৈছে। স্কুল আৰু কলেজসমূহ ইতিমধ্যে খোলা হৈছে। আজি পোষ্টপেইড মোবাইল সেৱা পুনৰ আৰম্ভ কৰা হ’ব আৰু তাৰ পিছত প্ৰি–পেইড সেৱা পুনৰ আৰম্ভ কৰা হ’ব।

উল্লেখযোগ্য যে জম্মু–কাশ্মীৰত প্ৰায় ৬৬ লাখ মোবাইল গ্ৰাহক আছে, যাৰ ভিতৰত ৪০ লাখৰ আছে পোষ্টপেইড সেৱা। জম্মু–কাশ্মীৰত পৰ্যটকসকলক আগমনৰ বাবে সেউজ সংকেত দিয়াৰ দুদিন পিছতে মোবাইল সেৱা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰে জম্মু–কাশ্মীৰত মোবাইল সেৱা বন্ধ কৰি দিছিল। ১৭ আগষ্টত আংশিকভাৱে ফিক্সড লাইন টেলিফোন সেৱা আৰম্ভ কৰা হৈছিল আৰু ৪ ছেপ্টেম্বৰত সকলো লেণ্ডলাইন সেৱা আৰম্ভ কৰাৰ ঘোষণা কৰা হৈছিল।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি