পৰাজয় স্বীকাৰ কৰিবলৈ প্ৰস্তুত বিজেপি! দিল্লীত ফলাফলৰ পূৰ্বে চৰ্চাত এখন পোষ্টাৰ

News18 Assam | News18-Assam
Updated:February 11, 2020, 10:37 AM IST
পৰাজয় স্বীকাৰ কৰিবলৈ প্ৰস্তুত বিজেপি! দিল্লীত ফলাফলৰ পূৰ্বে চৰ্চাত এখন পোষ্টাৰ
‘বিজয়ত আমি অহংকাৰী নহও আৰু পৰাজয়ত আমি নিৰাশ নহওঁ’।

‘বিজয়ত আমি অহংকাৰী নহও আৰু পৰাজয়ত আমি নিৰাশ নহওঁ’।

  • News18 Assam
  • Last Updated: February 11, 2020, 10:37 AM IST
  • Share this:
দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। ভোটগণনাৰ ট্ৰেণ্ডিঙলৈ লক্ষ্য কৰিলে দেখা যায় যে আম আদমী পাৰ্টী সকলোতকৈ আগত, দ্বিতীয়তে আগবাঢ়ি আছে বিজেপি।

এই খবৰ লিখাৰ সময়লৈ ৭০খন আসনযুক্ত বিধানসভাত আম আদমী পাৰ্টীয়ে ৪৩খন আগবাঢ়ি থকাৰ বিপৰীতে বিজেপিয়ে ২১খন আগবাঢ়ি আছে। আনহাতে, দিল্লীত কংগ্ৰেছে নিজৰ ইতিহাসৰ পুনৰাবৃত্তি কৰিব বুলি ধাৰণা কৰা হৈছে। এতিয়ালৈ কংগ্ৰেছে কোনো এখন আসনতে আগবাঢ়িব পৰা নাই।

ইয়াৰ মাজতে বিজেপিৰ এখন পোষ্টাৰ ভাইৰেল হৈছে। এই পোষ্টাৰত বিজেপিৰ প্ৰাক্তন সভাপতি আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটোৰ সৈতে লিখা আছে – ‘বিজয়ত আমি অহংকাৰী নহও আৰু পৰাজয়ত আমি নিৰাশ নহওঁ’।


ভাইৰেল হোৱা এই পোষ্টাৰখন প্ৰায় দুবছৰ পুৰণি। এই পোষ্টাৰসমূহ দিল্লীৰ বিজেপি কাৰ্যালয়ত আছে। অমিত শ্বাহৰ লগতে প্ৰধানমন্ত্ৰী মোদীসহ আন নেতাৰ পোষ্টাৰো লাগি আছে বিজেপি কাৰ্যালয়ত। কিন্তু দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনটোত পুনৰ চৰ্চালৈ আহিছে এই পোষ্টাৰ। পোষ্টাৰত হৰা–জিকা দুয়োটা কথাই উল্লেখ আছে। অৰ্থাৎ বিজেপিয়ে জয়–পৰাজয় দুয়োটাই মানি ল’বলৈ প্ৰস্তুত আছে!
আৰু চাওক
পৰৱৰ্তী বাতৰি