CABৰ বিৰোধ কৰাই অপৰাধ! কলকাতাত পাপনৰ শ্ব’ বৰ্জনৰ আহ্বানেৰে পষ্টাৰিং

News18
Updated:June 21, 2019, 4:29 PM IST
CABৰ বিৰোধ কৰাই অপৰাধ! কলকাতাত পাপনৰ শ্ব’ বৰ্জনৰ আহ্বানেৰে পষ্টাৰিং
অসমীয়া বিৰোধী উগ্ৰ লোকৰ আহ্বান বিশ্ব সংগীত দিৱসৰ পাপনৰ অনুষ্ঠান বৰ্জন কৰিব লাগে।

অসমীয়া বিৰোধী উগ্ৰ লোকৰ আহ্বান বিশ্ব সংগীত দিৱসৰ পাপনৰ অনুষ্ঠান বৰ্জন কৰিব লাগে।

  • News18
  • Last Updated: June 21, 2019, 4:29 PM IST
  • Share this:
বিশ্ব সংগীত দিৱস উপলক্ষে অসম সন্তান বলিউড শিল্পী অংগৰাগ পাপন মহন্তৰ শ্ব’ৰ প্ৰাকক্ষণত তেওঁৰ শ্ব’ বৰ্জন কৰিবলৈ আহ্বান জনাই পষ্টাৰিং পশ্চিম বংগৰ অলিয়ে–গলিয়ে। পাপনক বাঙালী বিদ্বেষী আখ্যা দি মঞ্চ এৰিবলৈ আহ্বান একাংশ সংগঠনৰ। ‘বাঙালী বিদ্বেষী পাপন তুমি মঞ্চ চাড়ো’ (বাঙালী বিদ্বেষী পাপন তুমি মঞ্চ এৰা) শ্ল’গানেৰে পাপনৰ শ্ব’ বিঘ্নিত কৰাৰ অপচেষ্টাক লৈ বাতৰি প্ৰকাশ একাংশ সংবাদমাধ্যমত। বলিউডৰ বহুকেইখন হিট চিনেমাৰ জনপ্ৰিয় সংগীতৰ সৃষ্টি কৰা পাপনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গ্ৰহণ কৰাৰ স্থিতিৰ কাৰণেই উগ্ৰ বাঙালী সংগঠনৰ এই ক্ষোভ বুলি ধাৰণা কৰা হৈছে।

ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই পষ্টাৰিঙক লৈ একাংশ পৰ্টেলত প্ৰকাশ পাইছে এই তথ্য। অৱশ্যে নিউজ18ৰ তৰফৰ পৰা নিশ্চিত কৰা নাই সকলো তথ্য। বাংলাপক্ষ নামৰ এটা ফেচবুক পেজত অসমীয়া বিদ্বেষী মন্তব্য আৰু পাপনৰ বিৰুদ্ধে এই আহ্বান জনোৱাৰ চৰ্চা।

নাগৰিকত্ব সংশোধনী বিধেয়ক আলাপ আলোচনাৰ মাজেৰে অসমীয়াৰ স্বাৰ্থ বিঘ্নিত নকৰাকৈ বলৱৎ কৰাৰ আশ্বাস কেন্দ্ৰই দিয়াৰ সময়তে মমতা দিদিৰ পশ্চিম বংগৰ লবীয়ে অব্যাহত ৰাখিছে অসমৰ শান্তি–সম্প্ৰীতি ভংগৰ অপচেষ্টা।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading