মৃত বিজেপি নেতাক মৰা কুকুৰ বুলি মন্তব্য কৰাৰ পিছতে মমতা বেনাৰ্জীৰ বিৰুদ্ধে বংগ বিজেপিৰ তীব্ৰ প্ৰতিবাদ।
মৃত বিজেপি নেতাক মৰা কুকুৰ বুলি মন্তব্য কৰাৰ পিছতে মমতা বেনাৰ্জীৰ বিৰুদ্ধে বংগ বিজেপিৰ তীব্ৰ প্ৰতিবাদ।
পশ্চিম বংগত এতিয়া বলিছে উপ নিৰ্বাচনৰ বতাহ। ভৱানীপুৰ সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰেৱালে বিজেপিৰ সহস্ৰাধিক কৰ্মীৰ সৈতে শনিবাৰে দক্ষিণ কলকাতাত এক প্ৰতিবাদী সমদল বাহিৰ কৰে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত মৃত বিজেপি নেতা মানস ছাহাক 'মৃত কুকুৰ'ৰ সৈতে তুলনা কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদী সমদল বাহিৰ কৰে বিজেপি কৰ্মীসকলে।
উল্লেখযোগ্য যে, শুকুৰবাৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ ৭১ তম ৱাৰ্ডত ৰাইজক সম্বোধন কৰি বেনাৰ্জীয়ে কৈছিল যে, "যেতিয়া মই বৃহস্পতিবাৰে এখন সভাৰ বাবে গৈছিলো, মই শুনিছিলো যে, বিজেপি কৰ্মীসকলে এটা মৰা কুকুৰৰ মৃতদেহ লৈ মোৰ ঘৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে। মোৰ বাসগৃহৰ সন্মুখত বিজেপিয়ে এনে কাম কৰাৰ দু:সাহস কৰিছে।"
বেনাৰ্জীয়ে বিজেপিৰ ৰাজ্যিক নেতৃত্বক কঠোৰ সকীয়নি প্ৰদান কৰি কৈছিল যে, 'যদি মই আপোনাৰ ঘৰলৈ এটা মৃত কুকুৰ পঠিয়াও তেন্তে কি কৰিব? আপোনাৰ ঘৰৰ বাহিৰত এটা পচা কুকুৰ পেলাই দিবলৈ এক ছেকেণ্ড লাগিব। কিন্তু আপুনি ১০ দিনৰ বাবে মৰা কুকুৰৰ দুৰ্গোন্ধত একো খাব নোৱাৰিব।"
মৃত বিজেপি নেতা মানস ছাহাই ২০২১ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনত মাগড়ত পশ্চিম বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল আৰু প্ৰতিদ্বন্দী টিএমচি নেতা জিয়াছ উদ্দিন মোল্লাৰ হাতত ১৮,৪১০ টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল।
উল্লেখযোগ্য যে ২ মে'ৰ ভোটগণনাৰ দিনা তৃণমূল কংগ্ৰেছৰ সমৰ্থকে ছাহাক আক্ৰমণ কৰিছিল আৰু ইয়াৰ ফলত তেওঁ মূৰত গুৰুতৰভৱে আঘাত প্ৰাপ্ত হৈছিল। তাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ২২ ছেপ্তেম্বৰত মৃত্যুক আঁঁকোৱালি লৈছিল। কিন্তু ৰাজনৈতিক প্ৰতিদ্বন্দীক মৃত কুকুৰৰ লগত তুলনা কৰা মমতা বেনাৰ্জীৰ এই কাৰ্যক পশ্চিমবংগত সকলোৱে সমালোচনা কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|