ডাকঘৰত মাত্ৰ ১০ টকাত খোলক একাউণ্ট, SBIতকৈ দুগুণ বেছি পাব লাভ, কেনেকৈ খুলিব একাউণ্ট?

ডাকঘৰত ৰেকাৰিং ডিপ’জিট একাউণ্ট খোলা তেনেই সহজ। আপুনি যিকোনো ডাকঘৰত খুলিব পাৰে একাউণ্ট।

News18-Assam
Updated:October 23, 2019, 8:07 AM IST
ডাকঘৰত মাত্ৰ ১০ টকাত খোলক একাউণ্ট, SBIতকৈ দুগুণ বেছি পাব লাভ, কেনেকৈ খুলিব একাউণ্ট?
ডাকঘৰত ৰেকাৰিং ডিপ’জিট একাউণ্ট খোলা তেনেই সহজ। আপুনি যিকোনো ডাকঘৰত খুলিব পাৰে একাউণ্ট।
News18-Assam
Updated: October 23, 2019, 8:07 AM IST
পোষ্ট অফিচত ৰেকাৰিং ডিপ’জিট একাউণ্টত দেশৰ সৰ্ববৃহৎ বেংক ভাৰতীয় ষ্টেট বেংকৰ ছেভিংছ একাউণ্টতকৈ দুগুণ লাভ পোৱা যায়। গুৰুত্বপূৰ্ণ কথাটো হ’ল ডাকঘৰত আপুনি মাত্ৰ ১০ টকাতে খুলিব পাৰে একাউণ্ট। এই সম্পৰ্কে জানো আহক।

SBIত বৰ্তমান ছেভিংছ একাউণ্টত সুদৰ হাৰ ৩.৫০ শতাংশ। ইফালে ডাকঘৰৰ স্মল ছেভিংছ স্কীম ৰেকাৰিং ডিপ’জিট অৰ্থাৎ আৰ ডিত আপুনি লাভ কৰিব বাৰ্ষিক ৭.২ শতাংশ সুদ। অৰ্থাৎ SBIৰ তুলনাত দুগুণতকৈ অধিক সুদ লাভ কৰিব আপুনি।

ডাকঘৰত ৰেকাৰিং ডিপ’জিট একাউণ্ট খোলা তেনেই সহজ। আপুনি যিকোনো ডাকঘৰত খুলিব পাৰে একাউণ্ট। এটাতকৈ অধিক একাউণ্টো খুলিব পাৰে আপুনি। তদুপৰি শিশু তথা যৌথভাৱেও এই একাউণ্ট খুলিব পৰা যায়।

ৰেকাৰিং ডিপ’জিটৰ লাভ :
>> ৰেকাৰিং ডিপ’জিটত বিনিয়োগকাৰীৰ জমাধনৰ ওপৰত নিৰ্ভৰ কৰে আৰু প্ৰতিমাহে এক নিৰ্দিষ্ট ধনৰাশি জমা কৰিব পাৰে।
>> আৰ ডিৰ লক ইন ফিচাৰৰ জৰিয়তে আৰম্ভণিৰে পৰা শেষলৈ সুদৰ হাৰ একেই থাকে আৰু জমাধনৰ ওপৰত সুদৰ হাৰো আৰম্ভণিতে লক ইন হৈ যায়। অৰ্থাৎ সুদৰ হাৰ কম হ’লে আৰ ডিত লাভ হয়।
>> ৰেকাৰিং ডিপ’জিটৰ পৰা ছেভিংছ মেনেজমেণ্ট সহজ হয় আৰু বাৰে বাৰে ফিক্সড ডিপ’জিটৰ সমস্যাৰ পৰা সকাহ পোৱা যায়।

>> আৰ ডিত একাউণ্ট খোলাৰ সময়তে টাইম পিৰিয়ড নিৰ্ধাৰণ হয়। টাইম পিৰিয়ড শেষ হ’লে আপুনি সুদসহ সমুদায় ধন লাভ কৰিব।
>> আৰ ডিত নিয়মীয়াকৈ ধন জমা কৰাৰ উপৰি ফিক্সড ডিপ’জিটো কৰিব পাৰে।
>> ডাকঘৰৰ ৰেকাৰিং ডিপ’জিট ৫ বছৰৰ বাবে হ’ব।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি