• Home
  • »
  • News
  • »
  • nation
  • »
  • ডাকঘৰত আপোনাৰো আছে নেকি একাউণ্ট? জানি লওক এই ৫টা নতুন নিয়ম

ডাকঘৰত আপোনাৰো আছে নেকি একাউণ্ট? জানি লওক এই ৫টা নতুন নিয়ম

যি সময়ত ভিন্ন বেংকে ছেভিংছ একাউণ্ট ওপৰত সুতৰ পৰিমাণ হ্ৰাস কৰিছে, সেই সময়তে কিন্তু ডাকঘৰত ছেভিংছ একাউণ্টৰ ওপৰত প্ৰতিবছৰে ৪ শতাংশ সুতৰ হাৰ প্ৰদান কৰা হয়।

যি সময়ত ভিন্ন বেংকে ছেভিংছ একাউণ্ট ওপৰত সুতৰ পৰিমাণ হ্ৰাস কৰিছে, সেই সময়তে কিন্তু ডাকঘৰত ছেভিংছ একাউণ্টৰ ওপৰত প্ৰতিবছৰে ৪ শতাংশ সুতৰ হাৰ প্ৰদান কৰা হয়।

যি সময়ত ভিন্ন বেংকে ছেভিংছ একাউণ্ট ওপৰত সুতৰ পৰিমাণ হ্ৰাস কৰিছে, সেই সময়তে কিন্তু ডাকঘৰত ছেভিংছ একাউণ্টৰ ওপৰত প্ৰতিবছৰে ৪ শতাংশ সুতৰ হাৰ প্ৰদান কৰা হয়।

  • Share this:
ডাকঘৰত ছেভিংছ একাউণ্ট থকা গৰাকীসকলক সকাহ প্ৰদানৰ বাবে ভাৰতীয় ডাকসেৱাই ঘোষণা কৰিছে কিছু নতুন নিয়ম। এই নিয়ম অনুসৰি ডাকঘৰৰ গ্ৰামীণ ডাক সেৱা শাখাত ধন উঠোৱাৰ সীমা বৃদ্ধি কৰা হ'ব। প্ৰতিগৰাকী ব্যক্তিয়ে ধন উলিওৱাৰ সীমা ৫ হাজাৰৰ পৰা বৃদ্ধি কৰা হৈছে। যি সময়ত ভিন্ন বেংকে ছেভিংছ একাউণ্ট ওপৰত সুতৰ পৰিমাণ হ্ৰাস কৰিছে, সেই সময়তে কিন্তু ডাকঘৰত ছেভিংছ একাউণ্টৰ ওপৰত প্ৰতিবছৰে ৪ শতাংশ সুতৰ হাৰ প্ৰদান কৰা হয়।

সেয়েহে সম্প্ৰতি ডাকঘৰে নগদ জমা কৰা আৰু ধন উলিওৱাৰ ক্ষেত্ৰত আনিছে পৰিৱৰ্তন। জানি লওক ডাকঘৰৰ শেহতীয়া এই পাঁচটা পৰিৱৰ্তন।

১. ভাৰতীয় ডাকঘৰে ঘোষণা কৰিছে যে ডাকঘৰৰ গ্ৰামীণ ডাক সেৱা শাখাত ধন উঠোৱাৰ সীমা বৃদ্ধি কৰা হ'ব আৰু সম্প্ৰতি ইয়াৰ সীমা প্ৰতিগৰাকী গ্ৰাহকৰ বাবে ৫ হাজাৰৰ পৰা ২০ হাজাৰ পৰ্যন্ত নিৰ্ধাৰণ কৰা হৈছে।

২. এগৰাকী শাখা পোষ্ট মাষ্টাৰ (বিপিএম)–এ একাউণ্টত এটা দিনত ৫০ হাজাৰতকৈ অধিক নগদ জমা লেনদেন অনুমোদন কৰিব নোৱাৰিব। তদুপৰি, ৰাজহুৱা ভৱিষ্য পুঁজি (পিপিএফ), জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি (এছচিএছ), মাহিলী উপাৰ্জন আঁচনি (এমআইএছ), কিষাণ বিকাশ পাত্ৰ (কেভিপি) আৰু ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ (এনএছচি) আঁচনিবোৰ আৰআইচিটি চিবিএছ এপত উপলব্ধ কৰা হ'ব আৰু এই একাউণ্টত জমাৰ বাবে কেৱল প্ৰ-পত্ৰ বা চেকহে গ্ৰহণ কৰা হ'ব।

৩.  যিকোনো চিবিএছ ডাকঘৰে জাৰি কৰা সকলো পিঅ’এছবি চেক যদি যিকোনো ক'ৰ বেংকিং সক্ষম (চিবিএছ) ডাকঘৰত উপস্থাপন কৰা হয়, তেন্তে ইয়াক পাৰ চেক হিচাপে ব্যৱহাৰ কৰা হ'ব আৰু ক্লিয়াৰিঙৰ বাবে প্ৰেৰণ কৰা নহ'ব।

৪. এদিনত এটা একাউণ্টত আন এছঅ’এলত ৫০ হাজাৰতকৈ অধিক নগদ লেনদেনৰ অনুমতি দিয়া নহ'ব।

৫. ডাকঘৰত থকা সঞ্চয় একাউণ্টৰ বাবে প্ৰয়োজনীয় ন্যূনতম ধনৰ পৰিমাণ ৫০০ টকা আৰু যদি ন্যূনতম চৰ্ত পূৰণ কৰা নহয়, তেন্তে ১০০ টকা একাউণ্ট পৰিচালন মাচুল হিচাপে কৰ্তন কৰা হ'ব।

উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰতেই ছেভিংছ একাউণ্টত নিম্নতম বেলেন্স বজাই ৰখা বাধ্যতামূলক হ'ব বুলি উল্লেখ কৰিছিল ডাক বিভাগে। লগতে আপোনাৰ সঞ্চয় একাউণ্ট বজাই ৰাখিবলৈ ন্যূনতম  ৫০০ টকা নিৰ্ধাৰণ কৰা হৈছিল।
Published by:Sanjay Kumar Das
First published: