কাশ্মীৰত শান্তিপূৰ্ণভাৱে উদযাপন স্বাধীনতা দিৱস, ৰাজ্যপালে ক’লে – হাৰ মানিছে সন্ত্ৰাসবাদীয়ে

ৰাজ্যপাল সত্যপাল মালিকে কয় যে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ পিছত মানুহে নিজৰ পৰিচয়ক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই।

News18-Assam
Updated:August 16, 2019, 7:16 AM IST
কাশ্মীৰত শান্তিপূৰ্ণভাৱে উদযাপন স্বাধীনতা দিৱস, ৰাজ্যপালে ক’লে – হাৰ মানিছে সন্ত্ৰাসবাদীয়ে
ৰাজ্যপাল সত্যপাল মালিকে কয় যে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ পিছত মানুহে নিজৰ পৰিচয়ক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই।
News18-Assam
Updated: August 16, 2019, 7:16 AM IST
অশান্তিজৰ্জৰ কাশ্মীৰত শান্তিপূৰ্ণভাৱে উদযাপন কৰা হ’ল স্বাধীন দিৱস। স্বাধীনতা দিৱসৰ দিনটোত কাশ্মীৰত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ অহা নাই। জম্মু–কাশ্মীৰ প্ৰশাসনৰ মুখ্য সচিব ৰোহিত কঞ্চলে বৃহস্পতিবাৰে এই তথ্য সদৰি কৰে।

কঞ্চলে সংবাদ মাধ্যমৰ আগত কয় – ‘স্বাধীনতা দিৱস শান্তিপূৰ্ণভাৱে উদযাপন কৰা হৈছে আৰু কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই।’ আনন্দৰ খবৰ যে বৃহস্পতিবাৰে নিশা শ্ৰীনগৰৰ বমানবন্দৰৰ পৰা আৰম্ভ হয় নৈশ বিমান সেৱা। বৃহস্পতিবাৰে নিশা ১৫০জন যাত্ৰী লৈ ৰাওনা হয় প্ৰথমখন বিমান।

জম্মু–কাশ্মীৰ প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা বিজ্ঞপ্তি অনুসৰি বডগাম, পুলৱামা, অৱন্তিপোৰা, ত্ৰাল, গন্দেৰবল, কুলগাম, বাৰামুলা, শ্ব’পিয়ান, অনন্তনাগ আৰু বান্দীপোৰাত উদযাপন কৰা হয় স্বাধীন দিৱস। জম্মু–কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকে কয় যে নিৰাপত্তাৰক্ষীৰ তৎপৰতাত হাৰ মানিছে সন্ত্ৰাসবাদীয়ে।

জম্মু–কাশ্মীৰৰ বিশেষ মৰ্যাদা কৰ্তনৰ পিছত এয়া প্ৰথম স্বাধীনতা দিৱস। মালিকে বৃহস্পতিবাৰে শ্ৰীনগৰৰ শ্বেৰ–এ–কাশ্মীৰ ষ্টেডিয়ামত ত্ৰিৰংগা উত্তোলন কৰে। পতাকা উত্তোলনৰ পিছত ৰাজ্যপালগৰাকীয়ে অৰ্ধসামৰিক বাহিনী আৰু জম্মু–কাশ্মীৰ আৰক্ষীৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে। পিছত জনসাধাৰণক সম্বোধন কৰি ৰাজ্যপালে কয় যে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ পিছত মানুহে নিজৰ পৰিচয়ক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই।
আৰু চাওক পৰৱৰ্তী বাতৰি