খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰি ৰাখিবলৈ ভাৰতীয় বেডমিণ্টনৰ প্ৰশিক্ষক পুলোল্লা গোপীচান্দে ইণ্ডোনোছিয়াৰ প্ৰশিক্ষকক লগত লৈ আয়োজন কৰিছিল অনলাইন বেডমিণ্টন প্ৰশিক্ষণ
‘আচৰিত! কোনেও ভবা নাছিল এনে অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুখী হ’ব লাগিব বুলি। স্ক্ৰীনত মুখ থব নোৱাৰি, কোনোৱে চকু মুদি দিলে, কি কৰিব ভাবি উপায়হীন সকলো, অৱশেষত ক্লাছ আধাতে সামৰি লগআউট কৰিলে অনলাইন চেচন’
ল’ক ডাউনৰ ফলত এতিয়া খেলপথাৰ শূন্য। বন্ধ হৈ ৰৈছে দেশৰ বেডমিণ্টন একাডেমীসমূহ। তাৰ মাজতে খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰি ৰাখিবলৈ ভাৰতীয় বেডমিণ্টনৰ প্ৰশিক্ষক পুলোল্লা গোপীচান্দে ইণ্ডোনোছিয়াৰ প্ৰশিক্ষকক লগত লৈ আয়োজন কৰিছিল অনলাইন বেডমিণ্টন প্ৰশিক্ষণ। দেশৰ প্ৰায় ৭০০ খেলুৱৈ বহিছিল অনলাইন প্ৰশিক্ষণত। কিন্তু তাৰ পিছতে লাগিল অথন্তৰ।
ক্লাছ চলি থকাৰ মাজতে স্ক্ৰীনত ভাহি আহিল পৰ্ণগ্ৰাফী ছবি। অনুষ্ঠানটোত আছিল মহিলা প্ৰশিক্ষাৰ্থীও। এনে কাণ্ড দেখি খঙৰ ভমকত চেচন লগআউট কৰিবলৈ বাধ্য হ’ল সকলো। উল্লেখযোগ্য যে, অহা ৫ দিনৰ বাবে চলা কথা আছিল প্ৰশিক্ষণ। কিন্তু এনে অনাকাংক্ষিত পৰিস্থিতিয়ে এতিয়া সকলোকে হতাশ কৰিলে। অনুষ্ঠানটোৰ আয়োজক ‘ছাই ৱাই’ৰ মতে এয়া প্ৰযুক্তিগত ক্ৰুটি।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|