সচিবালয়ত খাদ্য বিভাগৰ ভিডিঅ’ কনফাৰেন্সত চলিল পৰ্ণ ভিডিঅ’! হাহাকাৰ

সচিব মুগ্ধা সিনহাই বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি থকাৰ মাজতে ২মিনিটলৈ চলি থাকিল পৰ্ণ ভিডিঅ’টো।

news18assam
Updated:June 4, 2019, 1:12 PM IST
সচিবালয়ত খাদ্য বিভাগৰ ভিডিঅ’ কনফাৰেন্সত চলিল পৰ্ণ ভিডিঅ’! হাহাকাৰ
সচিব মুগ্ধা সিনহাই বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি থকাৰ মাজতে ২মিনিটলৈ চলি থাকিল পৰ্ণ ভিডিঅ’টো।
news18assam
Updated: June 4, 2019, 1:12 PM IST
ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ সচিবালয়ত সোমবাৰে এক চৰম অস্বস্তিকৰ আৰু অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় যেতিয়া ৰাজ্যখনৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভিডিঅ’ কনফাৰেন্সত হঠাৎ পৰ্ণ ভিডিঅ’ চলি যায়। খাদ্য বিভাগৰ সচিব মুগ্ধা সিনহাৰ উপস্থিতিত সংঘটিত এই কাণ্ডত উপস্থিত বিষয়াসকলৰ অৱস্থা শিল পৰা কপৌৰ দৰে হৈ পৰে। এই গম্ভীৰ বিষয়ৰ তদন্ত লগে লগে আৰম্ভ কৰি দিয়া হয়।

বিষয়াসকল হতভম্ব হৈ পৰে

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সচিব মুগ্ধা সিনহাই বিভাগৰ বিভিন্ন পদাধিকাৰী সকলৰ সৈতে বিভিন্ন আঁচনি সন্দৰ্ভত আলোচনা কৰি আছিল। ইয়াৰ মাজতে হঠাৎ স্ক্ৰীণত পৰ্ণ ভিডিঅ’ চলি যায়। বিভাগৰ উচ্চ পদস্থ বিষয়াসকল এই কাণ্ডত হতভম্ব হৈ পৰে। ভিডিঅ’টো প্ৰায় ২মিনিটলৈ চলি থাকে। হুলস্থুলৰ মাজতে টেকনিকেল টীমে ভিডিঅ’টো বন্ধ কৰিছে। কিন্তু তেতিয়ালৈকে বিভাগটো চৰম অপদস্থ হৈ পৰিছিল।

এনআইচিৰ তদন্ত ঘোষণা

ভিডিঅ’ কনফাৰেন্সৰ মাজত এই লজ্জাজনক কাণ্ড কেনেকৈ সংঘটিত হ’ল? এই বিষয়ক লৈ কঠোৰ হৈছে চৰকাৰী বিভাগটো। খাদ্য বিভাগৰ সচিবে এনআইচি কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। এই কাণ্ডত জৰিত দোষীক কঠোৰ শাস্তি বিহাৰ নিৰ্দেশ দিয়া হৈছে। এনআইচিৰ বিষয়াসকলে তদন্ত কৰি উলিয়াব পৰা নাই যে ক’ত কেনেকৈ ইমান ডাঙৰ ভুল ৰৈ গ’ল? বিভিন্ন আঁচনিৰ সমীক্ষাৰ বাবে খাদ্য বিভাগে এই ভিডিঅ’ কনফাৰেন্সৰ আয়োজন কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি