সাৱধান! ম’বাইলত পৰ্ণ ভিডিও চোৱাসকলৰ ওপৰত আৰক্ষীৰ চোকা নজৰ!

News18 Assam | News18-Assam
Updated:February 17, 2021, 5:31 PM IST
সাৱধান! ম’বাইলত পৰ্ণ ভিডিও চোৱাসকলৰ ওপৰত আৰক্ষীৰ চোকা নজৰ!
ইতিমধ্যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ইন্টাৰনেটত পৰ্ণ কন্টেট বিচৰি চাৰ্চ কৰা লোকসকলৰ ওপৰত নজৰ ৰাখিবলৈ নিয়োগ কৰিছে এটা প্ৰতিষ্ঠান।

ইতিমধ্যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ইন্টাৰনেটত পৰ্ণ কন্টেট বিচৰি চাৰ্চ কৰা লোকসকলৰ ওপৰত নজৰ ৰাখিবলৈ নিয়োগ কৰিছে এটা প্ৰতিষ্ঠান।

  • Share this:
দেশবাসীয়ে ভেলেণ্টাইন সপ্তাহ উদযাপন কৰাৰ সময়তে উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে মহিলাৰ সুৰক্ষাৰ দিশটোলৈ লক্ষ্য ৰাখি এক নতুন কৌশল প্ৰস্তুত কৰিছে। এই ব্যৱস্থাই আপোনাৰ পৰ্ণ চাৰ্চৰ ওপৰত নজৰ ৰাখিব।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে অৱগত কৰা তথ্য অনুসৰি তেওঁলোকে এনে এটা প্ৰতিষ্ঠান নিয়োগ কৰিছে যিয়ে ইন্টাৰনেন্টত পৰ্ণ অৰ্থাত্ অশ্লীল সমল চোৱা লোকসকলৰ ওপৰত নজৰ ৰাখিব। মহিলাজনিত অপৰাধ ৰোধৰ বাবে, 'ইউ পি মহিলা পাৱাৰলাইন ১০৯০(UP WOmen Powerline) নামৰ এটা নতুন দল স্থাপন কৰা হৈছে যি সতৰ্ক হৈ থাকিব যেতিয়া এজন ব্যক্তিয়ে ইণ্টাৰনেটত পৰ্ণ সমল চাৰ্চ কৰে ।

ইয়াৰ অৰ্থ হৈছে ইণ্টাৰনেটৰ বিশদ অধ্যয়ন কৰিবলৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে 'ওম'প'(Oomuph)নামৰ এটা প্ৰতিষ্ঠানক নিয়োগ কৰিছে। ইন্টাৰনেট ডাটা ব্যৱহাৰেৰে লোকসকলে কি চাৰ্চ কৰে তাৰ ওপৰত নজৰ ৰাখিব প্ৰতিষ্ঠানটোৱে। যদি এগৰাকী ব্যক্তিয়ে ইন্টাৰনোটত পৰ্ণগ্ৰাফী অৰ্থাত্ অশ্লীল ভিডিঅ' চায় তেন্তে এই বিশ্লেষক দলটোৱে এই তথ্য লাভ কৰিব।

যিয়ে পৰ্ণগ্ৰাফী চাৰ্চ কৰে তেওঁ এটা এলাৰ্ট অৰ্থাত্ সতৰ্কমূলক মেছেজ লাভ কৰিব আৰু সকলো তথ্য আৰক্ষীৰ ওচৰতো সংৰক্ষণ হৈ থাকিব। এই পদক্ষেপ এটা নিৰ্দিষ্ট অঞ্চলৰ অপৰাধৰ ক্ষেত্ৰত আৰক্ষীক সহায়ৰ বাবে হাতত লোৱা হৈছে।

যদিও মহিলাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-প্ৰদেশ আৰক্ষীয়ে হাতত লোৱা এই অভিযানক লৈ দুটা প্ৰশ্নও উত্থাপন হৈছে |

প্ৰথমে পৰ্ণ চোৱা মহিলাসকলৰ সম্পৰ্কত কি হ'ব ?
বহু ভাৰতীয়ৰ বাবে এয়া আচৰিত যেন লাগিব পাৰে যে মহিলাসকলে পৰ্ণ চাই নে ? কিন্তু মহিলাসকলেও পৰ্ণ ভিডিঅ' চায়। ২০১৭ চনত, পৰ্ণ ৱেবছাইট পৰ্ণহ'বে প্ৰকাশ কৰিছিল যে, পৰ্ণ চোৱা দৰ্শকৰ ভিতৰত ৪ নম্বৰ স্থানত আছিল ভাৰত আৰু এই দৰ্শকসকলৰ অধিকাংশই আছিল মহিলা।

আনকি, পৰ্ণ চোৱাৰ ক্ষেত্ৰত ভাৰতীয় মহিলাসকলে বিশ্ব গড়কো পৰাস্ত কৰিছিল | পৰ্ণহ'বে লক্ষ্য কৰিছিল যে আমেৰিকা যুক্তৰাজ্য, কানাডা আৰু ইউ কে আদি দেশৰ তুলনাত পৰ্ণ চোৱা মহিলাৰ সংখ্যা ভাৰততেই বেছি। পৰৱৰ্তী সময়ত পৰ্ণহ'বে জনাইছিল যে ২০১৭ চনত, পৰ্ণৰ মহিলা দৰ্শক ১২৯ শতাংশ বৃদ্ধি পাইছিল। তেনেস্থলত মহিলাৰ সুৰক্ষাৰ বাবে উত্তৰ-প্ৰদেশ আৰক্ষীয়ে পৰ্ণ চাৰ্চৰ ওপৰত নজৰ ৰখাৰ বাবে হাতত এই প্ৰচেষ্টাত যদিহে তেওঁলোকে মহিলাৰ দ্বাৰাই পৰ্ণ চোৱাৰ এলাৰ্ট লাভ কৰে সেয়াহে কিন্তু আচৰিত বিষয় হৈ পৰিব।

দ্বিতীয়তে, পৰ্ণৰ নিষেধাজ্ঞাই যৌন অপৰাধ ৰোধ কৰে নেকি?

ভাৰত চৰকাৰে যৌন অপৰাধ ৰোধ কৰিবলৈ পৰ্ণ নিষিদ্ধ বা নিয়ন্ত্ৰণৰ দিশটো বাচি লৈছে, কিন্তু বিশ্বৰ অধ্যয়নে দেখুৱাইছে যে পৰ্ণ বৈধ কৰিলে পোনপটীয়াকৈ ধৰ্ষণ বা যৌন উৎপীড়ন বৃদ্ধি নহয়।  চেক গণতন্ত্ৰত এই বিষয়ক লৈ ২০১০ চনত কৰা এক অধ্যয়নত দেখা গৈছে "যিদৰে আন সকলো দেশতে অধ্যয়ন কৰা হৈছে (কানাডা, ক্ৰোচিয়া, ডেনমাৰ্ক, জাৰ্মানী, ফিনলেণ্ড, হংকং, ছাংহাই, চুইডেন, আমেৰিকা যুক্তৰাজ্য), যে পৰ্ণগ্ৰাফীৰ বৈধকৰণ আৰু ব্যাপক উপলব্ধতাৰ পাচত ধৰ্ষণ আৰু অন্যান্য যৌন অপৰাধ বৃদ্ধি হোৱা নাই"। অধ্যয়নটোৱে এটা বিতৰ্কিত, আপত্তিজনক কথাও কৈছিল যে, ১৯৮৯ চনৰ পৰা শিশু যৌন নিৰ্যাতনৰ ঘটনা হ্ৰাস পাইছিল এনে সময়ত যি সময়ত শিশু পৰ্ণগ্ৰাফী ব্যাপক হাৰত উপলব্ধ হৈ পৰিছিল। এই একেধৰণে জাপান আৰু ডেনমাৰ্কৰো দৃষ্টান্ত উল্লেখ কৰা হৈছিল।

২০১৮ চনত উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে কেন্দ্ৰক গেংগ ৰেপৰ এটা গোচৰৰ কথা উল্লেখ কৰি ভাৰতত পৰ্ণগ্ৰাফী চাইট অৰ্থাত্ অশ্লীল ৱেবছাইট নিষিদ্ধ কৰিবলৈ কৈছিল। যি ঘটনাত চাৰিজন যুৱকৰ এটা দলে দশম শ্ৰেণীৰ এগৰাকী শিক্ষাৰ্থীক ধৰ্ষণ কৰিছিল। পাচৰ পৰ্যায়ত লক্ষ্য কৰা গৈছিল যে যুৱককেইজনে ঘটনাটো সংঘটিত কৰাৰ পূৰ্বে পৰ্ণ ভিডিঅ' চাইছিল। এই আদেশৰ পাচতে, কেন্দ্ৰই আই এছ পিসকলক ৮২৭ টা পৰ্ণগ্ৰাফিক ৱেবছাইট নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিছিল।

এয়াই প্ৰথম নাছিল যে, ভাৰতত বৰ্ধিত অপৰাধৰ বাবে পৰ্ণক দোষাৰোপ কৰা হৈছিল । ইতিপূৰ্বো ২০১৫ চনত, চি বি আইয়ে কেইবাটাও গোচৰৰ তদন্ত কৰোতে ভিন্ন তথ্য লাভ কৰিছিল। য'ত অভিযুক্তই তেওঁৰ বন্ধুবৰ্গৰ সৈতে ধৰ্ষণ কৰাৰ ভিডিঅ' শ্বেয়াৰ কৰিছিল, যাৰ ফলত ছবি আৰু ভিডিঅ' ভাইৰেল হৈ পৰিছে। চিবিআইয়ে ইয়াৰ প্ৰতিবেদনত কৈছিল, "পৰ্ণৰ সহজ উপলব্ধতা ধৰ্ষণৰ ঘটনা বৃদ্ধিৰ অন্যতম কাৰণ আছিল"।

উল্লেখ্য যে, পৰ্ণ নিষিদ্ধ কৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে। তত্স্বত্বেও, মহিলাজনিত অপৰাধ সংখ্যা হ্ৰাস পোৱা নাই। ভাৰতত আই এছ পিৰ নেতৃত্বত পৰ্ণহাবকে ধৰি কেইবাটাও পৰ্ণ ৱেবছাইট বৰ্তমানেও নিষিদ্ধ হৈ আছে।
First published: February 17, 2021, 5:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি