কাণপুৰত ৰে’ল দুৰ্ঘটনা, ২৮জন আহত

উত্তৰ প্ৰদেশৰ কাণপুৰত ৰে’ল দুৰ্ঘটনা। ১২৩০৩নং হাওৰা–দিল্লী পূৰ্বা এক্সপ্ৰেছৰ ১২টা ডবা লাইনচ্যুত

news18assam
Updated:April 20, 2019, 8:30 AM IST
কাণপুৰত ৰে’ল দুৰ্ঘটনা, ২৮জন আহত
উত্তৰ প্ৰদেশৰ কাণপুৰত ৰে’ল দুৰ্ঘটনা। ১২৩০৩নং হাওৰা–দিল্লী পূৰ্বা এক্সপ্ৰেছৰ ১২টা ডবা লাইনচ্যুত
news18assam
Updated: April 20, 2019, 8:30 AM IST
উত্তৰ প্ৰদেশৰ কাণপুৰত ৰে’ল দুৰ্ঘটনা। ১২৩০৩নং হাওৰা–দিল্লী পূৰ্বা এক্সপ্ৰেছৰ ১২টা ডবা লাইনচ্যুত। শুকুৰবাৰে নিশা সংঘটিত হোৱা এই ৰে’ল দুৰ্ঘটনাত আহত হয় ২৮জন লোক। আহতসকলক কাশীৰাম, উৰ্ছলা আৰু হেলট হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আহত ৫জন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোৰ বাবে শনিবাৰে চলাচল কৰিবলগীয়া ৮খন উজনিমুৱা আৰু ৫খন নামনিমুৱা ৰে’লৰ পথ সলনি কৰিবলগীয়া হয়। নিশা ১২.৫০ বজাত ৰুমা আৰু চকেৰী ষ্টেচনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ পিছতে প্ৰয়াগৰাজ আৰু কাণপুৰৰ বাবে ১০৭২ হেল্পলাইন নম্বৰ মুকলি কৰে প্ৰশাসনে।

ইতিমধ্যে এই দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে ৰে’ল বিভাগে। দুৰ্ঘটনাৰ সময়ত ৰে’লখন প্ৰায় ১০০ কিলোমিটাৰ গতিত গৈ আছিল বুলি কোৱা হৈছে। খবৰ অনুসৰি, কপলিং ছিগাৰ বাবেই দুৰ্ঘটনাত পতিত হয় ৰে’লখন।
আৰু চাওক পৰৱৰ্তী বাতৰি