৬০ টকাৰ লটাৰী কাটি নিশাটোৰ ভিতৰতে কোটিপতি হ’ল দিন হাজিৰা কৰা এইজন লোক

News18 Assam | News18-Assam
Updated:January 22, 2020, 1:32 PM IST
৬০ টকাৰ লটাৰী কাটি নিশাটোৰ ভিতৰতে কোটিপতি হ’ল দিন হাজিৰা কৰা এইজন লোক
দিন হাজিৰা কৰি খোৱা জ্যোতি গোপাল কোটিপতি হ’ল। কিন্তু নাতৰিল বিড়ম্বনা।

দিন হাজিৰা কৰি খোৱা জ্যোতি গোপাল কোটিপতি হ’ল। কিন্তু নাতৰিল বিড়ম্বনা।

  • Share this:
এদিন আগলৈ দিন হাজিৰা কৰি দুবেলা দুমুঠি খাইছিল লোকজনে। কিন্তু নিশাটোৰ ভিতৰতে কপাল ফুলিল লোকজনৰ। আগদিনা দিন হাজিৰা কৰা লোকজন পিছদিনা হৈ পৰিল কোটিপতি। মাত্ৰ ৬০ টকাৰ লটাৰী কাটি ১ কোটি টকা জিকিলে জ্যোতি গোপাল সৰকাৰ নামৰ লোকজনে। লোকজনৰ ঘৰ পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনাৰ ফকিৰ বাগানত।

সোমবাৰে সন্ধিয়া এখন দোকানৰ পৰা নাগালেণ্ড ৰাজ্য লটাৰীৰ টিকট কাটিছিল লোকজনে। ৬০ টকাৰ টিকট কিনিছিল জ্যোতি গোপালে। মঙলবাৰে পুৱা লটাৰীৰ ফলাফল ওলোৱাত আচৰতি হ’ল লোকজন। নিজকে বিশ্বাস কৰিব পৰা নাছিল। লোকজনে লাভ কৰিলে প্ৰথম পুৰস্কাৰ, অৰ্থাৎ ১ কোটি টকা।

দিন হাজিৰা কৰি খোৱা জ্যোতি গোপাল কোটিপতি হ’ল। কিন্তু নাতৰিল বিড়ম্বনা। ইমান টকা কেনেকৈ ৰাখিব তাক লৈ চিন্তাত পৰিল জ্যোতি গোপাল। কোটিপতি হোৱাৰ পিছত জ্যোতি গোপালৰ চিন্তা, টিকটটো সাৱধানে নাৰাখিলে সকলো যাব। সেয়েহে টিকট আৰু নিজৰ নিৰাপত্তাৰ বাবে উপস্থিত হ’ল থানাত। মঙলবাৰে দুপৰীয়া কেইবাজনো চিনাকি লোকক লৈ জ্যোতি গোপাল হাজিৰ হ’ল বনগা থানাত। নিৰাপত্তাৰ অভাৱ অনুভৱ কৰা বুলি জনালে আৰক্ষীক।

আৰক্ষীৰ ফালৰ পৰা কোনো সদুত্তৰ নাপাই কোটি টকাৰ টিকটটো জমা দিলে টিকট বিক্ৰেতাৰ হাতত। অন্তত টিকটটো কোনেও কাঢ়ি নিয়াৰ বাবে আক্ৰণৰ পৰা ৰক্ষা পৰিব। জ্যোতি গোপাল সৰকাৰে কয়, তেওঁৰ সপোন এইদৰে বাস্তৱ হ’ব বুলি ভবা নাছিল। ঘৰত বৃদ্ধ পিতৃ, পত্নী আৰু সন্তান আছে জ্যোতি গোপাল সৰকাৰৰ। লটাৰীত জিকা টকাৰে বহু কাম কৰাৰ ইচ্ছা লোকজনৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading