• Home
  • »
  • News
  • »
  • nation
  • »
  • দোষী সাব্যস্ত হ’লে জীৱনলৈ খেলিব নোৱাৰিব নিৰ্বাচন! 

দোষী সাব্যস্ত হ’লে জীৱনলৈ খেলিব নোৱাৰিব নিৰ্বাচন! 

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰে গঠিত খণ্ড বিচাৰপীঠে আৰম্ভ কৰিছে শুনানি। আৱেদনকাৰীৰ হৈ যুক্তি আগবঢ়াইছে অধিবক্তা অশ্বিনী উপাধ্যায়ে।

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰে গঠিত খণ্ড বিচাৰপীঠে আৰম্ভ কৰিছে শুনানি। আৱেদনকাৰীৰ হৈ যুক্তি আগবঢ়াইছে অধিবক্তা অশ্বিনী উপাধ্যায়ে।

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰে গঠিত খণ্ড বিচাৰপীঠে আৰম্ভ কৰিছে শুনানি। আৱেদনকাৰীৰ হৈ যুক্তি আগবঢ়াইছে অধিবক্তা অশ্বিনী উপাধ্যায়ে।

  • Share this:
কোনো ৰাজনীতিবিদে দোষী সাব্যস্ত হ’লে জীৱনলৈ খেলিব নোৱাৰিব নিৰ্বাচন! ৰাজনৈতিক দলৰ সদস্য হোৱাটো নিষিদ্ধকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আৰম্ভ শুনানি। উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত বুধবাৰৰ পৰা আৰম্ভ হৈছে শুনানি। দোষী সাব্যস্ত ৰাজনীতিকক জীৱনলৈ নিষিদ্ধকৰণ বিচাৰি উচ্চতম ন্যায়ালয়ত দাখিল হৈছে জন স্বাৰ্থজড়িত আৱেদন (Public Interest Litigation)।

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰে গঠিত খণ্ড বিচাৰপীঠে আৰম্ভ কৰিছে শুনানি। আৱেদনকাৰীৰ হৈ যুক্তি আগবঢ়াইছে অধিবক্তা অশ্বিনী উপাধ্যায়ে। নিজৰ যুক্তিত অধিবক্তা গৰাকীয়ে কয় – এজন কনিষ্টবলেও কিবা অপৰাধত দোষী সাব্যস্ত হোৱাৰ পিছত চাকৰি হেৰুৱায়, এই কথা আইন প্ৰণেতাৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব লাগে।

অন্যহাতেদি, কেন্দ্ৰই ২০২০ চনতে এই সন্দৰ্ভত হোৱা এক শুনানিত নিজৰ স্থিতি প্ৰকাশ কৰি থৈছিল। কেন্দ্ৰীয় চৰকাৰে কৈছিল – Representation of People’s Act 1951 অনুসৰি শাস্তিৰ ম্যাদৰ পিছত ৬ বছৰৰ নিষিদ্ধকৰণ যথেষ্ট। অৱশ্যে ইয়াৰ প্ৰত্যুত্তৰ দি এমিকাচ কুইৰী বিজয় হানছাৰিয়াই কয় – ম্যাদৰ পিছত ৬ বছৰৰ আঁতৰি থাকিল; কিন্তু তাৰ পিছত আইন ভংগ কৰাজন আইন প্ৰণয়ন কৰিব পৰা হৈ পৰে।

উল্লেখযোগ্য যে দোষীক জীৱনৰ পৰা নিৰ্বাচন খেলা বা ৰাজনৈতিক দলৰে জড়িত হোৱাত বাধা প্ৰদান কৰাৰ ধাৰণাৰ সমৰ্থন নকৰে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ কাৰণটো হৈছে সাংসদ বা বিধায়কসকল সেৱা চৰ্তৰ দ্বাৰা পৰিচালিত নহয়; বৰঞ্চ তেওঁলোক জনসেৱা কৰিবলৈ লোৱা শপতৰে বান্ধ খাই থাকে।
Published by:Sanjay Kumar Das
First published: