• Home
  • »
  • News
  • »
  • nation
  • »
  • মধ্য প্ৰদেশত গৰম ৰাজনৈতিক বতাহ, আজিৰে পৰা বিধানসভাৰ বাজেট অধিৱেশন, ফ্ল’ৰ টেষ্টক লৈ অনিশ্চয়তা

মধ্য প্ৰদেশত গৰম ৰাজনৈতিক বতাহ, আজিৰে পৰা বিধানসভাৰ বাজেট অধিৱেশন, ফ্ল’ৰ টেষ্টক লৈ অনিশ্চয়তা

ৰাজ্যপালৰ পত্ৰৰ পিছতে কমলনাথ চৰকাৰ বচাবলৈ উঠিপৰি লাগিছে কংগ্ৰেছ।

ৰাজ্যপালৰ পত্ৰৰ পিছতে কমলনাথ চৰকাৰ বচাবলৈ উঠিপৰি লাগিছে কংগ্ৰেছ।

ৰাজ্যপালৰ পত্ৰৰ পিছতে কমলনাথ চৰকাৰ বচাবলৈ উঠিপৰি লাগিছে কংগ্ৰেছ।

  • Share this:
মধ্য প্ৰদেশত বিগত এসপ্তাহ ধৰি অব্যাহত থকা ৰাজনৈতিক ঘটনাক্ৰমৰ মাজত আজিৰ দিনটো কমলনাথ চৰকাৰৰ বাবে অগ্নিপৰীক্ষাৰ দিন। সকলোৰে দৃষ্টি নিবদ্ধ বিধানসভাৰ অধিৱেশনত। বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা (১৬ মাৰ্চ) পৰা আৰম্ভ হৈছে। প্ৰথম দিনটোতে বিধানসভাৰ মজিয়া উত্তাল হৈ পৰাৰ সম্ভাৱনা আছে।

বিগত ২৪ ঘণ্টাৰ ভিতৰত কংগ্ৰেছৰ ফালৰ পৰা চৰকাৰ বচোৱা আৰু বিজেপিৰ ফালৰ পৰা চৰকাৰ ভংগ কৰাৰ কচৰৎ তুংগত উঠিছে। কংগ্ৰেছত বিদ্ৰোহৰ পিছত এতিয়া বিজেপিয়ে ফ্ল’ৰ টেষ্টৰ দাবী তুলিছে যদিও বিধানসভাৰ কাৰ্যসূচীত সেয়া অন্তৰ্ভুক্ত কৰা হোৱা নাই। এনে অৱস্থাত কমল নাথ চৰকাৰৰ আস্থাভোটক লৈ এতিয়াও অনিশ্চয়তা অব্যাহত আছে।

ৰাজ্যপাল লালজী টেণ্ডনে মুখ্যমন্ত্ৰী কমল নাথক পত্ৰ প্ৰেৰণ কৰি ফ্ল’ৰ টেষ্টৰ আহ্বান জনাইছিল। ৰাজ্যপালৰ পত্ৰৰ পিছতে কমলনাথ চৰকাৰ বচাবলৈ উঠিপৰি লাগিছে কংগ্ৰেছ। ইফালে, আইনী প্ৰক্ৰিয়াৰ সন্ধান কৰিছে বিজেপিয়ে। ইফালে, নিশা মুখ্যমন্ত্ৰী কমল নাথে পুনৰ ৰাজ্যপাল লালজী টেণ্ডনক সাক্ষাৎ কৰে।

বাজেট অধিৱেশনৰ আৰম্ভণিতে ৰাজ্যপাল লালজী টেণ্ডনৰ অভিভাষণ আৰম্ভ হ’ব। কোৱা হৈছে যে বিজেপিয়ে সদনত ফ্ল’ৰ টেষ্টৰ দাবী তুলিব। নিশা ৰাজ্যপালক সাক্ষাতৰ পিছতে কমলনাথে কয় যে, ‘মোক ৰাজ্যপাল লালজী টেণ্ডনে আলোচনাৰ বাবে মাতিছিল। বিধানসভা অধিৱেশনক লৈ আলোচনা কৰিব বিচাৰিছিল ৰাজ্যপালে।’ সদনৰ কাম–কাজ শান্তিপূৰ্ণভাৱে চলিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী কমল নাথে। ফ্ল’ৰ টেষ্টৰ বাবে সাজু বুলি ৰাজ্যপালক অৱগত কৰা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published: