ৰাজনৈতিক হিংসাৰ বধ্যভূমিত পৰিণত পশ্চিমবংগ!

বিজেপি কৰ্মীৰ ওপৰত পানী হিলৈ, কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ। জনসাধাৰণৰ নিৰাপত্তা প্ৰদানত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ!

news18assam
Updated:June 13, 2019, 6:00 PM IST
ৰাজনৈতিক হিংসাৰ বধ্যভূমিত পৰিণত পশ্চিমবংগ!
বিজেপি কৰ্মীৰ ওপৰত পানী হিলৈ, কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ। জনসাধাৰণৰ নিৰাপত্তা প্ৰদানত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ!
news18assam
Updated: June 13, 2019, 6:00 PM IST
ক্ৰমাৎ তীব্ৰতৰ হৈছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত চলি থকা ৰাজনৈতিক হিংসা। লোকসভা নিৰ্বাচনৰ সময়ৰ পৰাই এতিয়া ৰাজ্যখনত নাই কোনো ধৰণৰ শান্তি– সম্প্ৰিতি! চাৰিওফালে কেৱল হত্যা–হিংসা আৰু অত্যাচাৰ! অভিযোগ অনুসৰি এজনৰ পিছত আন এজন বিজপি কৰ্মী–সমৰ্থকক হত্যা কৰা হৈছে এতিয়া ৰাজ্যখনত।বুধবাৰে এনে হত্যা হিংসা আৰু মমতা বেনাৰ্জী চৰকাৰৰ অপশাসনৰ প্ৰতিবাদত এক প্ৰতিবাদী সমদল উলিয়াইছিল পশ্চিমবংগ বিজেপিয়ে।কিন্তু এই প্ৰতিবাদক বাধা দিবৰ বাবে পশ্চিম বংগ আৰক্ষীয়ে প্ৰতিবাদকাৰীক উদ্দেশ্যি পানী হিলৈ, কন্দুৱা গেছ নিক্ষেপ কৰে। প্ৰতিবাদৰ সময়ত আৰক্ষীৰ প্ৰহাৰত আহত হয় ভালে সংখ্যক বিজেপি কৰ্মী।



ৰাজ্যখনত এতিয়া তৃণমুল কংগ্ৰেছ আৰু বিজেপিৰ মাজত ৰাজনৈতিক হিংসাই হিংসাত্মক ৰূপ ধাৰণ কৰিছে। লোকসভা নিৰ্বাচনত মমতা বেনাৰ্জীৰ দুৰ্গত বিজেপিয়ে মোক্ষম আঘাত হনাৰ পিছত এতিয়া মমতা বাহিনীয়ে তীব্ৰ হতাশাত দিন কটাইছে! যিকোনো প্ৰকাৰে বিজেপিৰ শক্তি প্ৰতিৰোধ কৰিবৰ বাবেই মমতা বাহিনীয়ে এনে কাৰ্যপন্থা হাতত লৈছে বুলি এতিয়া বহুতে অভিযোগ কৰাও দেখা গৈছে।



ইফালে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কত কিছুদিনৰ পূৰ্বে দিল্লীত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ সৈতে এখন বৈঠকত মিলিত হৈছিল পশ্চিমবংগৰ ৰাজ্যপাল কেশৰীনাথ ত্ৰিপাঠী। সেই বৈঠকৰ পিছতে ৰাজ্যপালগৰাকীয়ে পশ্চিমবংগত তাৎপৰ্যপূৰ্ণ ভাবে ৰাষ্ট্ৰপতি শাসনৰো ইংগিত দিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি