বিহাৰত এন ডি এ মিত্ৰজোঁট ভংগ তথা মুখ্যমন্ত্ৰীৰ পদত্যাগৰ ঘটনাই ৰাজ্যই নহয় দেশৰ ৰাজনীতিত একপ্ৰকাৰ ভূমিকম্প সৃষ্টি কৰিছে। বিজেপিৰ দৰে দলৰ সৈতে কোনো ৰাজনীতিক চামিল হোৱাৰ এটা পৰিৱেশ সৃষ্টি হৈ থকাৰ সময়ত বিহাৰত বন্ধুত্ব ভংগ কৰাটো স্বাভাৱিকতে চৰ্চিত বিষয়।
এই বিভাজনৰ সময়তে লালুপ্ৰসাদ যাদৱৰ (Lalu Prashad Yadav) কন্যা ৰোহিণী আচাৰ্যই টুইট কৰি পিতৃক কিংমেকাৰ বুলি অভিহিত কৰিছে। ৰোহিণীয়ে নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে, ‘আকাশৰ উচ্চতাৰ ওপৰত তেওঁৰ সৰ্বোচ্চ সন্মান, যি জনসাধাৰণৰ গৌৰৱ।''
ইয়াৰ লগতে তেওঁ লালুপ্ৰসাদ যাদৱৰ এখন ফটোও লগাই দিছে. য’ত তেওঁ লিখিছে ‘কিংমেকাৰ’।
উল্লেখ্য, বিহাৰত (Bihar) এনডিএৰ মিত্ৰতা ছিন্নভিন্ন হৈ নতুন সমীকৰণৰ দিশে গতি কৰিছে। জেডিইউ, আৰজেডি, কংগ্ৰেছ, বাঁওপন্থী আৰু নিৰ্দলীয়সকলে একেলগে নতুন চৰকাৰ গঠন কৰিবলৈ ওলাইছে ৰাজ্যখনত। বিয়লি ৪ বজাত নীতিশ কুমাৰে নতুন চৰকাৰ গঠনৰ প্ৰস্তাৱ ৰাজ্যপালৰ সন্মুখত দাখিল কৰি মুখ্যমন্ত্ৰী পদ ত্যাগ কৰে।
এই ৰাজনৈতিক ঘটনাবোৰলৈ চাই লালুপ্ৰসাদ যাদৱৰ সক্ৰিয় ভূমিকা প্ৰত্যক্ষ কৰি ৰোহিণী আচাৰ্যই তেওঁক কিংমেকাৰ বুলি অভিহিত কৰিছে। অৱশ্যে, বিহাৰৰ ৰাজনীতিৰ মহাৰথী লালুপ্ৰসাদ যাদৱে এজন কিংমেকাৰ ৰূপে পূৰ্বে নিজৰ ভাবমূৰ্তি তৈয়াৰ কৰিছে। শেহতীয়াকৈও এন ডি এৰ দৰে শক্তিশালী মহাজোঁটো ভংগ হোৱাৰ পিছত পুনৰ চৰ্চালৈ আহিছে লালুপ্ৰসাদ। কিংমেকাৰৰ কন্যা ৰোহিণীয়েও এই ৰাজনৈতিক পৰিৱৰ্তনৰ পৰা নিজকে বিচ্ছিন্ন নকৰি সক্ৰিয় ৰূপত থকা দেখা গৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|