যান–বাহন আইন ভংগ কৰিলে আৰক্ষীয়ে ভৰিব লাগিব দুগুণ জৰিমনা!

নতুন যান–বাহন আইন কাৰ্যকৰী হোৱাৰ পিছত হেলমেট পৰিধান নকৰাকৈ বাইক চলোৱা এজন আৰক্ষীৰ ফটো টুইটাৰত শ্বেয়াৰ কৰিছিল এজন লোকে।

News18-Assam
Updated:September 4, 2019, 3:31 PM IST
যান–বাহন আইন ভংগ কৰিলে আৰক্ষীয়ে ভৰিব লাগিব দুগুণ জৰিমনা!
নতুন যান–বাহন আইন কাৰ্যকৰী হোৱাৰ পিছত হেলমেট পৰিধান নকৰাকৈ বাইক চলোৱা এজন আৰক্ষীৰ ফটো টুইটাৰত শ্বেয়াৰ কৰিছিল এজন লোকে।
News18-Assam
Updated: September 4, 2019, 3:31 PM IST
Motor Vehicle act কাৰ্যকৰী হোৱাৰ পিছত এতিয়া আইন উলংঘা কৰিলে সাৰি যাব নোৱাৰিব আৰক্ষীও। সাধাৰণ নাগৰিকতকৈ দুগুণ জৰিমনা ভৰিব লাগিব আৰক্ষীয়ে। এই নিৰ্দেশনা জাৰি কৰিছে দিল্লীৰ যান–বাহন আৰক্ষীয়ে। দিল্লীৰ যান–বাহন আৰক্ষীৰ যুটীয়া আয়ুক্ত মিনু চৌধুৰীয়ে দিল্লীৰ সকলো আৰক্ষীকে কৰ্তব্যৰ সময়ত যান–বাহন আইন মানি চলাৰ নিৰ্দেশ দিছে।

নিৰ্দেশনাত কোৱা হৈছে যে যদি কোনো আৰক্ষীয়ে কৰ্তব্যৰ সময়ত যান–বাহন আইন উলংঘা কৰে তেন্তে তেওঁ সাধাৰণ নাগৰিকৰ তুলনাত দুগুণ জৰিমনা ভৰিব লাগিব। যুটীয়া আয়ুক্তৰ এই নিৰ্দেশনাৰ পিছতে এতিয়া দিল্লী আৰক্ষীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

নতুন যান–বাহন আইন কাৰ্যকৰী হোৱাৰ পিছত হেলমেট পৰিধান নকৰাকৈ বাইক চলোৱা এজন আৰক্ষীৰ ফটো টুইটাৰত শ্বেয়াৰ কৰিছিল এজন লোকে। গৌৰৱ ৰায় নামৰ লোকজনে আৰক্ষীৰ ফটোখন শ্বেয়াৰ কৰি দিল্লী আৰক্ষীক প্ৰশ্ন কৰিছিল যে এই আৰক্ষীৰ লোকজনৰো চালান কাটিব পাৰিনে নে এয়া কেৱল সাধাৰণ লোকৰ বাবেহে। ইয়াৰ পিছতে যান–বাহন আৰক্ষীৰ যুটীয়া আৰক্ষীয়ে জাৰি কৰে এই নিৰ্দেশনা।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি