নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সাব্যস্ত কৰা আন্দোলনৰ নামত গুজৰাটৰ আহমেদাবাদত ব্যাপক হিংসাত্মক ঘটনা। আন্দোলনৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ ভয়ংকৰ দৃশ্যই বুকু কঁপাই তুলিব আপোনাৰো।
ভিডিঅ’ত দেখা গৈছে যে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰিবলৈ যেতিয়া আৰক্ষীৰ দল উপস্থিত হৈছিল সেই সময়তে একাংশ উগ্ৰ প্ৰতিবাদকাৰীয়ে আৰক্ষীক ঘেৰাও কৰি শিলাবৰ্ষণ কৰিবলৈ লয়। আৰক্ষীৰ দলটোৱে নিজৰ জীৱন বচাবলৈ চিঞৰি থাকিল, কিন্তু প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ চিঞৰ আওকাণ কৰি শিলাবৰ্ষণ কৰি থাকিল। আৰক্ষীক বেয়াকৈ প্ৰহাৰো কৰে একাংশ প্ৰতিবাদকাৰীয়ে।
আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক উভতি যাবলৈ আহ্বান জনোৱাৰ পিছতে একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ গাড়ীলৈ লক্ষ্য কৰি ধাৰাবাহিকভাৱে শিলাবৰ্ষণ কৰে। প্ৰতিবাদকাৰীক উপদ্ৰৱৰ বাবে বন্ধ কৰি দিবলগীয়া হয় আহমেদাবাদ–পালনপুৰ ৰাষ্ট্ৰীয় ঘাইপথ।
গুজৰাটৰ বনাসকাংঠাতো প্ৰতিবাদকাৰীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আৰক্ষীৰ গাড়ীক আগভেটি ধৰি শিলাবৰ্ষণ কৰাৰ লগতে লাঠিৰে আক্ৰমণ কৰে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|