এই এপ ডাউনলোড কৰক আৰু ট্ৰেফিক চালানৰ পৰা হাত সাৰক

কেন্দ্ৰ চৰকাৰৰ পৰিবহণ মন্ত্ৰালয়ে আইটি এক্টৰ অধীনত যোৱা বছৰ কৈছিল যে ডিজিলকাৰ বা এম পৰিবহণত উপলব্ধ নথি–পত্ৰৰ ইলেকট্ৰ’নিক কপিকো মূল নথিৰ মৰ্যাদাৰে গ্ৰহণ কৰা হ’ব। 

News18
Updated:September 6, 2019, 7:44 PM IST
এই এপ ডাউনলোড কৰক আৰু ট্ৰেফিক চালানৰ পৰা হাত সাৰক
কেন্দ্ৰ চৰকাৰৰ পৰিবহণ মন্ত্ৰালয়ে আইটি এক্টৰ অধীনত যোৱা বছৰ কৈছিল যে ডিজিলকাৰ বা এম পৰিবহণত উপলব্ধ নথি–পত্ৰৰ ইলেকট্ৰ’নিক কপিকো মূল নথিৰ মৰ্যাদাৰে গ্ৰহণ কৰা হ’ব। 
News18
Updated: September 6, 2019, 7:44 PM IST
ডি–এল, আৰ চি লগত নাথাকিলেও হ’ব, কেৱল প্ৰয়োজন এই এপৰ।যোৱা এক ছেপ্তেম্বৰৰ পৰা ট্ৰেফিকৰ নতুন নিয়ম বলৱৎ হোৱাৰ পিছত বিভিন্ন ঠাইত বৃহৎ পৰিমাণৰ ধনৰ চালান কটাৰ বাতৰি শিৰোনামত উঠিছে। জৰিমনাৰ পৰিমাণ ইমান বেছি যে আপুনি যদিহে কেনেবাকৈ লগত ডি–এল বা আৰ চি নিবলৈ পাহৰিছে তেনেহ’লে ডাঙৰ শলঠেকত পৰিব পাৰে। আমি আপোনাক দিব বিচাৰিছো এনে পৰামৰ্শ যাৰ দ্বাৰা আপুনি এই সমস্যাৰ সহজ সমাধান লাভ কৰিব। কেন্দ্ৰ চৰকাৰৰ পৰিবহণ মন্ত্ৰালয়ে আইটি এক্টৰ অধীনত যোৱা বছৰ কৈছিল যে ডিজিলকাৰ বা এম পৰিবহণত উপলব্ধ নথি–পত্ৰৰ ইলেকট্ৰ’নিক কপিকো মূল নথিৰ মৰ্যাদাৰে গ্ৰহণ কৰা হ’ব।



অৰ্থাৎ যদিহে এই এপত মূল নথি–পত্ৰৰ ইলেকট্ৰ’নিক কপি আছে তেনেহ’লে মূল নথি নেদেখুৱালেও হ’ব। ইয়াৰ কাৰণে এই এপটো আপুনি মাত্ৰ ডাউনলোড কৰিব লাগিব। ইয়াৰ পিছত চাইন আপ কৰিবলৈ আপুনি নিজৰ ম’বাইল নম্বৰ এন্ট্ৰি কৰিব লাগিব। ইয়াৰ পিছত আপুনি ম’বাইলত এটা অটিপি লাভ কৰিব। সেই অটিপি দি ভেৰিফাই কৰিব লাগিব। অটিপি দিয়াৰ লগে লগে পৰৱৰ্তী ষ্টেপত লগ–ইন কৰি নিজৰ ইউজাৰ নাম আৰু পাছৱৰ্ড ছেট কৰিব লাগিব।

ইমানখিনি কৰাৰ লগে লগে আপোনাৰ ডিজিলকাৰ একাউণ্ট তৈয়াৰ হৈ যাব। এতিয়া আপুনি ডিজিলকাৰ একাউণ্টত নিজৰ আধাৰ নম্বৰ প্ৰমাণিত কৰিব লাগিব। ইয়াৰ পিছত আধাৰ ডাটাবেছত আপোনাৰ যি ম’বাইল নম্বৰ ৰেজিষ্টাৰ্ড হৈ আছে তাত এটা অটিপি আহিব। সেই অটিপি এণ্টাৰ কৰাৰ লগে লগে আপোনাৰ আধাৰ প্ৰমাণিত হৈ যাব। এতিয়া ডিজিলকাৰৰ পৰা আপুনি আৰ চি, ডি–এল আৰু ইন্সুৰেন্সৰ কপি ডাউলোড কৰিব পাৰে তথা আৰক্ষীক দেখুৱাবও পাৰে। এম পৰিবহন (M-Parivahan) এপত গাড়ীৰ মালিকৰ নাম, ৰেজিষ্ট্ৰেশ্যনৰ তাৰিখ, মজেল নম্বৰ, ইন্সুৰেন্সৰ বৈধতা আদি তথ্য থাকে। এনেকুৱাত আপুনি বেলেগকৈ কোনো কাগজ পাতি কঢ়িয়াই লৈ ফুৰিব নালাগে। 

ট্ৰেফিক আৰক্ষীয়ে নিজৰ সৈতে থকা ম’বাইলেৰে চালক বা পৰিবহনৰ তথ্য কিউআৰ ক’ডৰ জৰিয়তে নিজৰ ডাটাবেছৰ পৰা উলিয়াই ল’ব পাৰে তথা চালকে ভংগ কৰা ট্ৰেফিক নিয়মৰ ৰেকৰ্ড নিজৰ লগত ৰাখিব পাৰে। 
আৰু চাওক পৰৱৰ্তী বাতৰি