মহিলা আৰক্ষীৰ দেহত পেট্ৰ’ল ঢালি অগ্নিসংযোগ!

News18-Assam
Updated:June 16, 2019, 9:54 AM IST
মহিলা আৰক্ষীৰ দেহত পেট্ৰ’ল ঢালি অগ্নিসংযোগ!
কেৰালাত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা।

কেৰালাত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা।

  • Share this:
কেৰালাত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। এগৰাকী মহিলা আৰক্ষী কনিষ্ঠবলৰ দেহত অগ্নিসংযোগ কৰে এজন ব্যক্তিয়ে। অগ্নিসংযোগৰ ফলত মৃত্যুক সাৱটি ল’বলগীয়া হয় মহিলাগৰাকীয়ে। মৃত মহিলা আৰক্ষীগৰাকীৰ নাম সৌমায়া পুষ্পকৰণ বুলি চিনাক্ত কৰা হৈছে। তিনিটা সন্তানৰ মাতৃ আৰক্ষী বিষয়াগৰাকীৰ স্বামীয়ে কৰ্মসুত্ৰে বিদেশত থাকে।স্থানীয় আৰক্ষীয়ে জনোৱা মতে, মহিলা আৰক্ষী কনিষ্ঠবল গৰাকী মাৱেলিক্কাৰাৰ বল্লীকুন্নম আৰক্ষী থানাৰ পৰা নিজৰ ঘৰলৈ  গৈ থকা অৱস্থাত অভিযুক্তই পেট্ৰ’ল ঢালি অগ্নিসংযোগ কৰে।কিন্তু কিয় মহিলাগৰাকীৰ গাত অগ্নি সংযোগ কৰিলে সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই।

মহিলা আৰক্ষীৰ শৰীৰত অগ্নিসংযোগ কৰোতে আহত হৈ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে অভিযুক্তগৰাকী।অভিযুক্ত গৰাকীৰ নাম আজাজ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।  ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
First published: June 16, 2019, 9:45 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading