• Home
  • »
  • News
  • »
  • nation
  • »
  • 'আৰক্ষীয়ে মোক গতিয়াই দিলে, লাঠিচাৰ্জ কৰিলে': হাথৰছত বাধা দিয়া যোগীৰ আৰক্ষীৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ বিস্ফোৰণ

'আৰক্ষীয়ে মোক গতিয়াই দিলে, লাঠিচাৰ্জ কৰিলে': হাথৰছত বাধা দিয়া যোগীৰ আৰক্ষীৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ বিস্ফোৰণ

উত্তৰ প্ৰদেশত সংঘটিত হোৱা তিনিটাকৈ ধৰ্ষণ কাণ্ডই এতিয়া সমগ্ৰ দেশতে তোলপাৰ লগাইছে।

উত্তৰ প্ৰদেশত সংঘটিত হোৱা তিনিটাকৈ ধৰ্ষণ কাণ্ডই এতিয়া সমগ্ৰ দেশতে তোলপাৰ লগাইছে।

উত্তৰ প্ৰদেশত সংঘটিত হোৱা তিনিটাকৈ ধৰ্ষণ কাণ্ডই এতিয়া সমগ্ৰ দেশতে তোলপাৰ লগাইছে।

  • Share this:
উত্তৰ প্ৰদেশত সংঘটিত হোৱা তিনিটাকৈ ধৰ্ষণ কাণ্ডই এতিয়া সমগ্ৰ দেশতে তোলপাৰ লগাইছে। যুৱতী-মহিলাক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱা যোগী আদিত্যনাথৰ চৰকাৰক এতিয়া কঠোৰ ভাষাৰে সমালোচনা কৰিছে সকলোৱে। বিৰোধীয়ে আনকি মুখ্যমন্ত্ৰী পদৰ পৰা যোগী আদিত্য নাথে পদত্যাগ কৰিব লাগে বুলিও দাবী জনাইছে।



তাৰ মাজতে বৃহস্পতিবাৰে সংঘটিত হ’ল এক অপ্ৰীতিকৰ পৰিস্থিতি। বৃহস্পতিবাৰে ধৰ্ষণৰ বলি হৈ মৃত্যুক সাৱটি লোৱা পৰা যুৱতীগৰাকীৰ পৰিয়ালৰ কাষলৈ গৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধা। কিন্তু পৰিয়ালক সাক্ষাত্‍ কৰাত বাধা প্ৰদান কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।

আনকি ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক শাৰীৰিক ভাবে অপদস্থ কৰাৰো অভিযোগ উত্থাপিত হৈছে। ‘'আৰক্ষীয়ে মোক গতিয়াই দিলে, লাঠিচাৰ্জ কৰিলে। আৰক্ষীয়ে আনকি বগৰাই মাটিত পেলাই দিয়ে।’ এনেদৰে ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন কৰে গুৰুতৰ অভিযোগ। আনহাতে পৰিস্থিতি সুস্থিৰ কৰিবলৈ আৰক্ষীয়ে আটক কৰে ৰাহুল-প্ৰিয়ংকাক।
Published by:Himangshu Bhuyan
First published: