• Home
  • »
  • News
  • »
  • nation
  • »
  • যৌন নিৰ্যাতনৰ গোচৰত আৰক্ষীয়ে ৰুজু কৰিবই লাগিব FIR, নিৰ্দিষ্ট সময়ত শেষ কৰিব লাগিব তদন্ত, অন্যথা কঠোৰ শাস্তিৰ সন্মুখীন হ’ব আৰক্ষী

যৌন নিৰ্যাতনৰ গোচৰত আৰক্ষীয়ে ৰুজু কৰিবই লাগিব FIR, নিৰ্দিষ্ট সময়ত শেষ কৰিব লাগিব তদন্ত, অন্যথা কঠোৰ শাস্তিৰ সন্মুখীন হ’ব আৰক্ষী

যৌন নিৰ্যাতনক গুৰুত্ব সহকাৰে নোলোৱা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ শাস্তি

যৌন নিৰ্যাতনক গুৰুত্ব সহকাৰে নোলোৱা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ শাস্তি

যৌন নিৰ্যাতনক গুৰুত্ব সহকাৰে নোলোৱা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ শাস্তি

  • Share this:
উত্তৰ প্ৰদেশৰ হাথৰছ কাণ্ডত আৰক্ষীয়ে গোচৰ ৰুজু কৰা আৰু তদন্ত প্ৰক্ৰিয়াত চৰম গাফিলতি কৰাৰ অভিযোগৰ পিছত এতিয়া বিষয়টোৰ সন্দৰ্ভত দৃঢ় স্থিতি লৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়। যৌন নিৰ্যাতনৰ গোচৰত আৰক্ষীক বাধ্যতামূলক ভাবে FIR ৰুজু কৰিবলৈ আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত তদন্ত শেষ কৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।

লগতে যৌন নিৰ্যাতনৰ ঘটনাক গুৰুত্ব সহকাৰে নোলোৱা আৰক্ষী বিষয়াক চিনাক্ত কৰি CrPC আৰু Evidence Actৰ অধীনত তদন্ত আৰম্ভ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈও ৰাজ্যসমূহক, গৃহ মন্ত্ৰণালয়ে নির্দেশ দিছে ।

ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা পত্ৰত গৃহ মন্ত্ৰণালয়ে ‘Zero FIR’ৰ ব্যৱস্থাৰ কথাও উল্লেখ আছে।  ঘটনা থানা পৰিক্ষেত্ৰত নপৰিলেও দৃষ্টিগোচৰ হোৱা মাত্ৰকে Zero FIR ৰুজু কৰিবলৈ নির্দেশ দিছে। তাকে নকৰিলে  আৰক্ষী বিষয়াৰ বিৰুদ্ধে IPC 166A (C)ৰ অধীনত অপৰাধীক গোচৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হওক বুলিও উল্লেখ আছে নির্দেশ পত্ৰত।
Published by:Himangshu Bhuyan
First published: