আৰক্ষীলৈ ফোন কৰি কেন্দ্ৰীয় মন্ত্ৰীক হত্যা কৰাৰ ভাবুকি চৰকাৰী কৰ্মচাৰীৰ!

কেন্দ্ৰীয় মন্ত্ৰীগৰাকী বি মুৰলীধৰণক হত্যাৰ ভাবুকি দিয়া আবকাৰী বিভাগৰ কৰ্মচাৰী ছৈয়দৰ সন্ত্ৰাসবাদী সংগঠনৰ সম্পৰ্ক থকাক লৈও তদন্ত অব্যাহত।

news18assam
Updated:June 5, 2019, 4:44 PM IST
আৰক্ষীলৈ ফোন কৰি কেন্দ্ৰীয় মন্ত্ৰীক হত্যা কৰাৰ ভাবুকি চৰকাৰী কৰ্মচাৰীৰ!
কেন্দ্ৰীয় মন্ত্ৰীগৰাকী বি মুৰলীধৰণক হত্যাৰ ভাবুকি দিয়া আবকাৰী বিভাগৰ কৰ্মচাৰী ছৈয়দৰ সন্ত্ৰাসবাদী সংগঠনৰ সম্পৰ্ক থকাক লৈও তদন্ত অব্যাহত।
news18assam
Updated: June 5, 2019, 4:44 PM IST
কেন্দ্ৰীয় মন্ত্ৰী বি মুৰলীধৰনক হত্যা কৰাৰ ধমকি দিয়া আবকাৰী বিভাগৰ কৰ্মচাৰী ছৈয়দ মহম্মদক কোঝিকড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সন্ত্ৰাসবাদীৰ সৈতে কৰ্মচাৰীজনৰ কিবা সম্পৰ্ক আছে নে কি তাৰো অনুসন্ধান কৰিছে আৰক্ষীয়ে। বি মুৰলীধৰণে শেহতীয়াকৈ বিদেশ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে।

আৰক্ষী কণ্ট্ৰ’ল ৰূমলৈ ফোন

আৰক্ষীৰ মতে, ছৈয়দ মহম্মদ নামৰ কেন্দ্ৰীয় আবকাৰী বিভাগৰ কৰ্মচাৰীজনে মঙলবাৰে নিশা আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি বি মুৰলীধৰণক হত্যা কৰাৰ ভাবুকি দিয়ে।

ইয়াৰ পিছতে আৰক্ষীৰ চাইবাৰ চেলে ব্যক্তিজনৰ নম্বৰ ট্ৰেচ কৰি জানিব পাৰে যে নম্বৰটো তিৰুৱনন্তপুৰৰ বিএছএনএল অফিচৰ। ইয়াৰ পিছতে আৰক্ষীয়ে অভিযান চলাই অফিচটোৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্কৰ তদন্ত

খবৰ অনুসৰি গ্ৰেপ্তাৰ কৰা ব্যক্তিজনে স্বীকাৰ কৰিছে যে তেওঁ ফোন কৰা অভিযুক্ত ছৈয়দ মহম্মদৰ সৈতে ২০১৫চনত এক ট্ৰেইনিং গ্ৰহণ কৰিছিল। তেওঁ নিজৰ নামত এখন ছীম কাৰ্ড ক্ৰয় কৰিছিল। ইয়াৰ পিছতে সেই কাৰ্ড ছৈয়দ মহম্মদক সেই নম্বৰ প্ৰদান কৰিছিল তেওঁ। সেই নম্বৰটোৰে ছৈয়দে ফোন কৰিছিল।

ফাইল ফটো


আৰক্ষীয়ে এতিয়া অভিযুক্তকেইজনৰ সৈতে সন্ত্ৰাসবাদীৰ সম্পৰ্কক লৈ অনুসন্ধান কৰি আছে। ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে ফোনটো ইতিমধ্যে ফৰেনছিক পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰা হৈছে।

বি মুৰলীধৰণৰ কেৰালাৰ কিন্তু তেওঁ বৰ্তমান মহাৰাষ্ট্ৰৰ ৰাজ্যসভা সাংসদ।

বি মুৰলীধৰণ কেৰালাৰ পৰা মোদী মন্ত্ৰীসভাত একমাত্ৰ সদস্য।
আৰু চাওক পৰৱৰ্তী বাতৰি