• Home
  • »
  • News
  • »
  • nation
  • »
  • ৰাজপথত শব্দ প্ৰদূষণ! অৰ্ধশতাধিক বাইকৰ চাইলেঞ্চাৰ পাইপ খুলি ৰ’লাৰ চলাই দিলে আৰক্ষীয়ে, চাওক ভিডিঅ’

ৰাজপথত শব্দ প্ৰদূষণ! অৰ্ধশতাধিক বাইকৰ চাইলেঞ্চাৰ পাইপ খুলি ৰ’লাৰ চলাই দিলে আৰক্ষীয়ে, চাওক ভিডিঅ’

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

  • Share this:
যুৱ প্ৰজন্মৰ মাজত বাইক অতিকৈ জনপ্ৰিয়। একাংশই আকৌ বাইকৰ চাইলেঞ্চাৰ পাইপ মডিফাই কৰি লয় যাতে শব্দ অধিক হয়। ৰাজপথত এনে ধৰণৰ অধিক শব্দৰ বাইক চলোৱাৰ ফলত আনৰ অসুবিধা নোহোৱা নহয়!

কিন্তু এইবাৰ এনে বাইকাৰ্ছৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰিলে পদক্ষেপ। আৰক্ষীয়ে ৫১খনকৈ মটৰ চাইকেল জব্দ কৰি জৰিমনা বিহাৰ লগতে সেই বাইকসমূহৰ চাইলেঞ্চাৰ পাইপ খুলি ৰাজপথতে ধ্বংস কৰিলে। শাৰী শাৰীকৈ পাৰি চাইলেঞ্চাৰ পাইপৰ ওপৰেৰে চলাই দিলে ৰ’লাৰ।

ঘটনাটো কৰ্ণাটকৰ উদুপিৰ। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’। পথ সুৰক্ষা উপলক্ষে বিগত সময়ত বহু লোকৰ পৰা পোৱা অভিযোগ অনুসৰি শব্দ প্ৰদূষণ কৰা বাইকাৰ্ছৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে।


আৰক্ষীয়ে কয়, এতিয়াৰে পৰা অবিৰতভাৱে এই পদক্ষেপ গ্ৰহণ কৰা হ’ব। যান–বাহন আইনৰ অধীনত আইন ভংগ কৰাসকলৰ বিৰুদ্ধে ৰুজু কৰা হ’ব গোচৰ।
Published by:Sanjay Kumar Das
First published: