তিহাৰ জে’ললৈ যোৱাৰ পৰা ৰেহাই পালে প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰম। উচ্চতম ন্যায়ালয়ে বৃদ্ধি কৰিলে চিবিআই জিম্মাৰ ম্যাদ। আজি চিদাম্বৰমৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই গোচৰৰ সম্পৰ্কিত আদালতৰ কাষ চপাৰ নিৰ্দেশ দিয়ে। সৰ্বোচ্চ ন্যায়ালয়ে লগতে
চিদাম্বৰমক তিহাৰ জে’ললৈ প্ৰেৰণ নকৰাৰ নিৰ্দেশ দিয়ে। লগতে যদি ট্ৰায়েল ক’ৰ্টে জামিন আবেদন খাৰিজ কৰে তেন্তে তেওঁৰ চিবিআই জিম্মা বৃহস্পতিবাৰলৈ বৃদ্ধি কৰা হ’ব।
পি চিদাম্বৰমে আজি CBIৰ গোচৰত নিম্ন আদালতত জামিন আবেদন দাখিল কৰিব। যদি নিম্ন আদালতে চিদাম্বৰমক জামিন প্ৰদান নকৰে, তেন্তে CBI জিম্মালৈ প্ৰেৰণ কৰিব। ৫ ছেপ্টেম্বৰত হ’ব গোচৰটোৰ পৰৱৰ্তী শুনানি। উক্ত দিনাই চিদাম্বৰমৰ চিবিআই জিম্মাৰ ম্যাদ উকলিব।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ
YouTube ,
Facebook আৰু
Twitter ত আমাক ফল’ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|