உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • জ্যেষ্ঠ নাগৰিকসকলৰ বাবে পঞ্জাৱ নেচনেল বেংকৰ বিশেষ আঁচনি ! কম বিনিয়োগেৰে পাব বৃহৎ লাভালাভ ...জানি লওক কেনেকৈ কৰিব বিনিয়োগ ?

    জ্যেষ্ঠ নাগৰিকসকলৰ বাবে পঞ্জাৱ নেচনেল বেংকৰ বিশেষ আঁচনি ! কম বিনিয়োগেৰে পাব বৃহৎ লাভালাভ ...জানি লওক কেনেকৈ কৰিব বিনিয়োগ ?

    পঞ্জাৱ নেচনেল বেংক (PNB)য়ে এখন আঁচনিৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকসকলক বিনিয়োগৰ বিকল্প প্ৰদান কৰিছে । বিশেষকৈ অৱসৰপ্ৰাপ্ত লোকসকলে এই আঁচনিৰ এক ভাল সুবিধা ল'ব পাৰিব ।

    পঞ্জাৱ নেচনেল বেংক (PNB)য়ে এখন আঁচনিৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকসকলক বিনিয়োগৰ বিকল্প প্ৰদান কৰিছে । বিশেষকৈ অৱসৰপ্ৰাপ্ত লোকসকলে এই আঁচনিৰ এক ভাল সুবিধা ল'ব পাৰিব ।

    পঞ্জাৱ নেচনেল বেংক (PNB)য়ে এখন আঁচনিৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকসকলক বিনিয়োগৰ বিকল্প প্ৰদান কৰিছে । বিশেষকৈ অৱসৰপ্ৰাপ্ত লোকসকলে এই আঁচনিৰ এক ভাল সুবিধা ল'ব পাৰিব ।

    • Share this:
    দেশৰ দ্বিতীয় সৰ্ববৃহৎ চৰকাৰী বেংক পঞ্জাৱ নেচনেল বেংকে (Punjab National Bank) ইয়াৰ জ্যেষ্ঠ নাগৰিক গ্ৰাহকসকলৰ বাবে এক বিশেষ আঁচনি প্ৰস্তুত কৰিছে। অন্যান্য বেংকৰ দৰে, পিএনবি য়েও ইয়াৰ গ্ৰাহকসকলৰ বাবে সঞ্চয় একাউণ্ট আঁচনিৰ সুবিধা প্ৰদান কৰে ।

    পিএনবিতো জ্যেষ্ঠ নাগৰিকৰ বাবে চৰকাৰৰ দ্বাৰা সমৰ্থিত কেইবাখনো বিশেষ আঁচনি আছে । এই আঁচনিবোৰৰ ভিতৰত এখন অন্যতন আঁচনি হ'ল পিএনবি জ্যেষ্ঠ নাগৰিক আঁচনি । বেংকে এই আঁচনিৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকসকলক বিনিয়োগৰ বিকল্প প্ৰদান কৰে। বিশেষকৈ অৱসৰপ্ৰাপ্ত লোকসকলে এই আঁচনিৰ ভাল সুবিধা ল'ব পাৰে। গতিকে এই আঁচনিৰ বিষয়ে জানি লওক সকলো...

    এই আঁচনিখনৰ লাভালাভৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে ইয়াৰ সুতৰ হাৰ । অৰ্থাৎ, পিএনবিয়ে জ্যেষ্ঠ নাগৰিকৰ সঞ্চয়ৰ ওপৰত এক ভাল পৰিমাণৰ সুত পৰিশোধ কৰে। যাৰ বাবে এই আঁচনিত কম ধন বিনিয়োগ কৰিয়েই জ্যেষ্ঠ নাগৰিকসকলে এক বৃহত্ পৰিমাণৰ লাভ পাব পাৰে ।

    সুতৰ হাৰ -

    প্ৰতি তিনিমাহৰ পূৰ্বে চৰকাৰে জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিৰ বাবে সুতৰ হাৰ ঘোষণা কৰে। পঞ্জাৱ নেচনেল বেংকে বৰ্তমান আঁচনিখনত জমাৰ ওপৰত ৭.৪ শতাংশ সুত প্ৰদান কৰি আছে।

    বিনিয়োগৰ চৰ্তাৱলী আৰু নিয়মাৱলী কেনেধৰণৰ -

    >> আঁচনিখনত ন্যূনতম আপুনি ১,০০০ টকা জমা কৰিব পাৰে আৰু সৰ্বাধিক কৰিব পাৰিব ১৫ লাখ টকা । জমাকাৰীসকলে এই আঁচনিৰ অধীনত ১,০০০ৰ গুণিতকত ইয়াত বিনিয়োগ কৰিব পাৰে।

    >> এই আঁচনিৰ ম্যাদ হৈছে ৫ বছৰ । যদিও পিছত ইয়াৰ সময়সীমা আৰু ৩ বছৰলৈ বৃদ্ধি কৰিব পাৰি।

    >> ম্যাদ সমাপ্ত হোৱাৰ যৌথ সঞ্চয় একাউণ্টত জমা হোৱা এই ধন কেৱল একাউণ্টৰ প্ৰথমগৰাকী ব্যক্তিয়েহে লাভ কৰিব পাৰে।

    >> এই আঁচনিত জমাকাৰীৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল যে তেওঁ একাধিক মনোনীত ব্যক্তি বাছনি কৰিব পাৰে ।

    >> জমাকাৰীৰ বয়স ৬০ বছৰ বা ইয়াৰ অধিক হ'ব নোৱাৰিব ।

    >> VRS গ্ৰহণ কৰা ব্যক্তি এজনৰ বয়স ৫৫ বছৰ বা অধিক কিন্তু ৬০ বছৰতকৈ কম । তেতিয়া তেওঁ এই আঁচনিখনৰ সুবিধা লাভ কৰিব পাৰিব ।

    >> প্ৰতিৰক্ষা সেৱাত নিয়োজিত ব্যক্তিগতৰ বাবে এই আঁচনিয়ে বিশেষ ৰেহাই প্ৰদান কৰে। এনে কৰ্মচাৰীসকলে ৫০ বছৰ বা ইয়াৰ অধিক বয়সতো আঁচনিখনত ধন জমা কৰিব পাৰে।

    >> এইউএফ, এনআৰআই, পিআইও, চিভিল পাৰ্চনেল অফ ডিফেন্স চাৰ্ভিচেছৰ সৈতে জড়িত লোকসকলে পিএনবি বেংকৰ জ্যেষ্ঠ নাগৰিক আঁচনিত ধন জমা কৰিব নোৱাৰে।

    একাউণ্ট এটা খুলিবলৈ প্ৰয়োজন হ'ব এইসমূহ নথিপত্ৰৰ -

    এই আঁচনিখনৰ সুবিধা ল'বলৈ পাছপোৰ্ট, পেন কাৰ্ডৰ দৰে পৰিচয় পত্ৰ দাখিল কৰিব লাগিব। ঠিকনা প্ৰমাণৰ বাবে টেলিফোন বিল, আধাৰ কাৰ্ড দিব পাৰিব । বয়সৰ প্ৰমাণৰ বাবে জন্মৰ প্ৰমাণপত্ৰ, ভোটাৰ পৰিচয় পত্ৰ দিব পাৰে আৰু লগতে একাউণ্ট খুলিবলৈ আপোনাক দুখন পাছপোৰ্ট আকাৰৰ ফটোৰো প্ৰয়োজন হ'ব।
    Published by:Kokil Sarma
    First published: