PMC কেলেংকাৰীঃ পত্নীক বিশ্বাসঘাত কৰি জয়ৰ পৰা জুনেইদ নামলৈ কৰিলে দ্বিতীয় বিবাহ, আছে বহু নামী–বেনামী সম্পত্তি

ইছলামধৰ্মী নিজৰ সহায়কাৰীক বিয়া কৰিবলৈকে জয় থমাচে প্ৰথম পত্নীক অন্ধকাৰত ৰাখি গ্ৰহণ কৰিছিল ইছলাম ধৰ্ম

News18-Assam
Updated:October 14, 2019, 9:21 PM IST
PMC কেলেংকাৰীঃ পত্নীক বিশ্বাসঘাত কৰি জয়ৰ পৰা জুনেইদ নামলৈ কৰিলে দ্বিতীয় বিবাহ, আছে বহু নামী–বেনামী সম্পত্তি
ইছলামধৰ্মী নিজৰ সহায়কাৰীক বিয়া কৰিবলৈকে জয় থমাচে প্ৰথম পত্নীক অন্ধকাৰত ৰাখি গ্ৰহণ কৰিছিল ইছলাম ধৰ্ম
News18-Assam
Updated: October 14, 2019, 9:21 PM IST
পি এম চি বেংকৰ পৰা ৪,৩৫৫ কোটি টকা সৰকাই আৰক্ষীৰ জালত পৰা বেংকটোৰ এম ডি জয় থমাচ আৰু এচ ডি আই এলৰ প্ৰম’টাৰ ৰাকেশ বাধৱন আৰু তেওঁৰ পুত্ৰক সোমবাৰে গ্ৰেপ্তাৰ কৰা হয়।

পঞ্জাৱ এণ্ড মহাৰাষ্ট্ৰ কো–অপাৰেটিভ বেংক চমুকৈ PMC বেংকৰ সদ্য নিলম্বিত এম ডি জয় থমাচক কেন্দ্ৰ কৰি এটা বৃহৎ খবৰ পোহৰলৈ আহিছে। আৰক্ষীৰ অনুসন্ধানত কেৱল বেংক জালিয়াতিৰ তথ্যই নহয়, লোকজনৰ ব্যক্তিগত জীৱনৰো বহু গোপন অধ্যায় পোহৰলৈ আহিছে। বিবাহিত জয় থমাছে অবৈধ সম্পৰ্ক ৰাখিছিল নিজৰ এগৰাকী ব্যক্তিগত সহায়কাৰী যুৱতীৰ সৈতে। ইছলামধৰ্মী যুৱতীগৰাকীক বিয়া কৰিবলৈকে জয় থমাচে প্ৰথম পত্নীক অন্ধকাৰত ৰাখি গ্ৰহণ কৰিছিল ইছলাম ধৰ্ম। পিছত নাম লৈছিল জুনেইদ। কেৱল সেয়াই নহয়, যুৱতীগৰাকীৰ নামত পুনেত ৯ টা ফ্লেটো ক্ৰয় কৰিছিল জুনেইদ ওৰফে জয় থমাচে।



বংকটোত ৪,৩৫৫ কোটি টকাৰ অনিয়ম সংঘটিত কৰাৰ অপৰাধত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বেংকটোৰ এম ডি জয় থমাচ আৰু এচ ডি আই এলৰ প্ৰম’টাৰ ৰাকেশ বাধৱন আৰুতেওঁৰ পুত্ৰক। উল্লেখযোগ্য যে,  ২০০৫ চনত থমাচৰ PA গৰাকীয়ে চাকৰি এৰি বিয়া হ’বলৈ ডুবাইলৈ যাব বুলি কৈছিল, লগতে বিয়াৰ পিছত ডুবাইতে থকাৰ কথাও কৈছিল। কিন্তু যুৱতীৰ লগত থকা অবৈধ সম্পৰ্ক হেতু জয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰি জুনেইদ নাম লৈ নিজৰ পত্নীৰ চকুত ধুলি দি যুৱতীগৰাকীৰ সৈতে দ্বিতীয় বিবাহ কৰে। আৰক্ষীৰ তদন্তত যেতিয়া পুনেত থকা ফ্লেট জুনেইদ ওৰফে জয়ে পি এ গৰাকীৰ নামত ক্ৰয় কৰা বুলি প্ৰমাণ হয়, তেতিয়াই ওলাই পৰে সকলোবোৰ কথা।
আৰু চাওক পৰৱৰ্তী বাতৰি