• Home
  • »
  • News
  • »
  • nation
  • »
  • PM Modi Facebook Post: সুষমা স্বৰাজৰ জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ ফেচবুক পোষ্ট, ক'লে নেত্ৰীগৰাকীক লগ পোৱাৰ পিছত মোদীৰ মাতৃয়ে কি কৰিছিল?

PM Modi Facebook Post: সুষমা স্বৰাজৰ জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ ফেচবুক পোষ্ট, ক'লে নেত্ৰীগৰাকীক লগ পোৱাৰ পিছত মোদীৰ মাতৃয়ে কি কৰিছিল?

জন্মবাৰ্ষিকীৰ দিনা প্ৰয়াত সুষমা স্বৰাজক এক বিশেষ ৰূপত স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

জন্মবাৰ্ষিকীৰ দিনা প্ৰয়াত সুষমা স্বৰাজক এক বিশেষ ৰূপত স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

জন্মবাৰ্ষিকীৰ দিনা প্ৰয়াত সুষমা স্বৰাজক এক বিশেষ ৰূপত স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

  • Share this:
জন্মবাৰ্ষিকীৰ দিনা বিজেপিৰ দ্বিগগজ নেত্ৰী প্ৰয়াত সুষমা স্বৰাজক এক বিশেষ ৰূপত স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (70th birth anniversary of Sushma Swaraj)। পঞ্জাবৰ জলন্ধৰৰ (Jalandhar) পৰা নিৰ্বাচনী প্ৰচাৰ চলাই উভতি আহি থকাৰ সময়ত মোদীয়ে (Prime Minister Narendra Modi) এটা ফেচবুক পোষ্টৰ জৰিয়তে নেত্ৰীগৰাকীক স্মৰণ কৰাৰ লগতে তেওঁৰ ব্যক্তিত্বৰ এটা ইংগিত দিয়ে ২৫ বছৰ আগৰ এক ঘটনাৰ মাজেৰে।

মোদীয়ে পোষ্টটোত উল্লেখ কৰা মতে, ২৫ বছৰ আগেয়ে বিজেপিৰ সাংগঠনিক কাম-কাজত জড়িত থকাৰ সময়ত তেওঁ সুষমা স্বৰাজক (Sushma Swaraj) গুজৰাটৰ (Gujarat) নিৰ্বাচনীমূলক সভাত লগ পাইছিল। সেই দিনটোতে সুষমা স্বৰাজে মোদীৰ গাঁওলৈ গৈ তেওঁৰ মাতৃকো লগ কৰিছিল। উক্ত সময়ত মোদীৰ ভতিজাকৰ ঘৰত জন্ম পাইছিল এটি কেঁচুৱা, যাৰ নামাকৰণ কৰা হৈছিল জ্যোতিষ বিধি তথা মাংগলিক অনুষ্ঠানৰ মাজেৰে।

কিন্তু সুষমা স্বৰাজৰ সান্নিধ্য লভাৰ পিছতে মোদীৰ মাতৃয়ে সকলোকে আচৰিত কৰি ঘোষণা কৰে যে কেঁচুৱাৰ নাম কেৱল সুষমাহে হ'ব। মোদীয়ে পোষ্টটোত উল্লেখ কৰে যে তেওঁৰ মাতৃ উচ্চ শিক্ষিত নাছিল যদিও আধুনিক আদৰ্শৰ পথেৰে চলিব পাৰিছিল। তেওঁলোকে সেই সময়ত সকলো মানুহৰ ক্ষেত্ৰত নিৰ্ণয় লব পৰাৰ মানসিকতাক তেওঁ আজিও সোঁৱৰণ কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সুষমা স্বৰাজৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে।



উল্লেখ্য, সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলন্ধৰৰ নিৰ্বাচনী জনসভা সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে পঞ্জাবৰ ভূমি গুৰু, পীৰ, ফকীৰ আৰু বিপ্লৱীসকলৰ বুলি উল্লেখ কৰি তালৈ গ'লে আনন্দৰ অনুভূতিৰে শিহৰিত হয় বুলি প্ৰকাশ কৰে।
Published by:Gautam Barman
First published: