• Home
  • »
  • News
  • »
  • nation
  • »
  • Narendra Modi : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন, ১৭ ছেপ্টেম্বৰৰ ২ অক্টোবৰলৈ পালন কৰা হ'ব সেৱা পষেক

Narendra Modi : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন, ১৭ ছেপ্টেম্বৰৰ ২ অক্টোবৰলৈ পালন কৰা হ'ব সেৱা পষেক

২৫ তাৰিখে "মন কি বাত"ত দীনদয়াল উপাধ্যায়ৰ ওপৰত আলোচনা

২৫ তাৰিখে "মন কি বাত"ত দীনদয়াল উপাধ্যায়ৰ ওপৰত আলোচনা

২৫ তাৰিখে "মন কি বাত"ত দীনদয়াল উপাধ্যায়ৰ ওপৰত আলোচনা

  • Share this:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ জন্মদিন। সেয়ে ১৭ ছেপ্টেম্বৰৰ ২ অক্টোবৰলৈ পালন কৰা হ’৸ব সেৱা পষেক। নৰেন্দ্ৰ মোদীৰ জন্ম দিনটোৰ পৰাই দেশজুৰি এই সেৱা পষেক পালন কৰা হ'ব।


সেৱা পষেকত ৰক্তদান, বিনামূলীয়া চিকিৎসা শিবিৰ, বৃক্ষৰোপণৰ কাৰ্যসূচীৰ লগতে অনুষ্ঠিত কৰা হ'ব সেৱামূলক কাৰ্য। ইয়াৰ লগতে দেশবাসীক


নৰেন্দ্ৰ মোদীৰ জন্মদিনত কেক কটা বা মন্দিৰ–নামঘৰত কাৰ্যসূচী অনুষ্ঠিত নকৰি ৰাইজৰ সেৱা কৰাৰ বাবে আহ্বান জনোৱা হৈছে।


সেৱা পষেক অনুসৰি ১৭ তাৰিখে ৰক্তদান শিবিৰ, ১৮–১৯ তাৰিখে স্বচ্ছতা অভিযান, ২০–২১ তাৰিখে কোভিড টিকাকৰণ কেন্দ্ৰলৈ যাব কৰ্মকৰ্তাসকল। ২২, ২৩, ২৪ তাৰিখে বিনামূলীয়া স্বাস্থ্য শিবিৰ, ২৫ তাৰিখে "মন কি বাত"ত দীনদয়াল উপাধ্যায়ৰ ওপৰত আলোচনাৰ লগতে ২৫–২৬ত বৃক্ষৰোপণ আৰু ২৭-২৮ তাৰিখে প্ৰদৰ্শনী। ২৯-৩০ ছেপ্টেম্বৰত প্ৰবোধ্য নাগৰিক সন্মিলন, ১ অক্টোবৰত জল সংৰক্ষণৰ ওপৰত কাৰ্যসূচী, ২ অক্টোবৰত গান্ধী জয়ন্তী উদযাপন উপলক্ষে খাদী কেন্দ্ৰলৈ যাব নেতা-মন্ত্ৰী।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি