• Home
  • »
  • News
  • »
  • nation
  • »
  • আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন; তেখেতৰ কাৰ্যকালত স্বাস্থ্যখণ্ডত হোৱা পৰিৱৰ্তন সম্পৰ্কে জানো আহক

আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন; তেখেতৰ কাৰ্যকালত স্বাস্থ্যখণ্ডত হোৱা পৰিৱৰ্তন সম্পৰ্কে জানো আহক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাস্থ্যৰ দিশত বহুতো কাম কৰিছে আৰু বিশেষ ধ্যান দিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাস্থ্যৰ দিশত বহুতো কাম কৰিছে আৰু বিশেষ ধ্যান দিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাস্থ্যৰ দিশত বহুতো কাম কৰিছে আৰু বিশেষ ধ্যান দিছে।

  • Share this:
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি জন্মদিন। তেখেতৰ জন্মদিনত সমগ্ৰ দেশবাসীয়ে বিভিন্ন কাৰ্যসূচীৰে পালন কৰিব এই বিশেষ দিনটো। এইবাৰৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তেখেতৰ নৱম সংখ্যক জন্মদিৱস।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৮ বছৰ কাৰ্যকালত বহু এনে সিদ্ধান্ত আৰু কাম সম্পন্ন হৈছে যি ভাৰতৰ স্বাধীনতাৰ পাছত কেতিয়াও হোৱা নাছিল। তেখেতে লোৱা বৃহৎ সিদ্ধান্ত বোৰৰ ভিতৰত এনে কিছুমান গুৰুত্বপূৰ্ণ কাম হৈছে যিয়ে দেশৰ লোকসকলৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক স্বাস্থ্যক সমৃদ্ধ কৰাত সহায় কৰিব।

স্বাস্থৱান ভাৰত– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাস্থ্যৰ দিশত বহুতো কাম কৰিছে আৰু বিশেষ ধ্যান দিছে। কোভিদৰ দৰে মহামাৰীৰ সময়ত মোদীয়ে বহু প্ৰত্যাহৱানৰ সন্মুখীন হ’ব লগা হৈছিল যদিও তেখেতে ভাৰতবাসীক এই মহামাৰীৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ যত্ন কৰিছিল আৰু বহু ক্ষেত্ৰত ই সম্ভৱ হৈছিল।

স্বাস্থ্য ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিবোৰৰ ভিতৰত–

চিকিৎসালয় নিৰ্মাণ– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত AIIMS চিকিৎসালয় নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰে যাৰ সংখ্যা দেশত মাত্ৰ ৭খনহে আছিল আৰু চিকিৎসক তথা মেচিনো সীমিত আছিল। তেখেতে প্ৰধানমন্ত্ৰীৰ শাসনভাৰ লোৱাৰ পাছত কয় যে দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এইমছ সদৃশ চিকিৎসালয় থাকিব লাগে। প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ আগতে ২০১৪ চনলৈকে দেশত মাত্ৰ ৭খন এইমছ চিকিৎসালয় আছিল, কিন্তু ২০২৪ চনলৈ প্ৰায় ২৫ খন হ'ব বুলি মোদীয়ে প্ৰতিশ্ৰুতি দিয়ে দেশবাসীক। একেদৰে, পূৰ্বতে দেশত প্ৰায় ৪০০খন চিকিৎসা মহাবিদ্যালয় আছিল, কিন্তু মোদীৰ এই ৮ বছৰ কাৰ্যকালত ২০০ খন নতুন চিকিৎসা মহাবিদ্যালয় অনুমোদিত হৈছে।

চিকিৎসক– আধুনিক চিকিত্‍সালয়ৰ বাবে দক্ষ চিকিৎসক আৰু কৰ্মচাৰীৰ সংখ্যা কম নহ’বলৈ প্ৰধানমন্ত্ৰীয়ে চিকিৎসা বিষয়ক শিক্ষাৰ আন্তঃগাথনি শক্তিশালী কৰাৰ পৰিকল্পনা কৰে। এই অভিযানত, ২০১৪ চনৰ আগলৈ থকা মাত্ৰ ৫১ হাজাৰ স্নাতক চিকিৎসা আসন বৰ্তমান ৮০ শতাংশ বৃদ্ধি হৈ প্ৰায় ৯০ হাজাৰ হৈছে। একেদৰে, বিশেষজ্ঞ চিকিৎসকসকলৰ বাবে স্নাতকোত্তৰ আসনৰ সংখ্যাও প্ৰায় ৯৫ শতাংশ বৃদ্ধি কৰা হৈছে।

কৰ্কট ৰোগৰ চিকিৎসা সস্তা– প্ৰধানমন্ত্ৰীয়ে মোদীৰ উদ্যোগত কৰ্কট ৰোগৰ দৰে জটিল ৰোগ আৰু ইয়াৰ ব্যয়বহুল চিকিৎসা সস্তা হৈ পৰিছে। ইয়াৰ বাবে সমগ্ৰ দেশতে বিশেষ জন-ঔষধি কেন্দ্ৰ খোলা হৈছিল। বৰ্তমান দেশৰ ৭০০ খন জিলাত প্ৰায় ৯০০০ খন ঔষধ কেন্দ্ৰ খোলা হৈছে, য'ত কৰ্কট ৰোগৰ ঔষধ আৰু ২৫০ৰো অধিক অস্ত্ৰোপচাৰৰ সামগ্ৰীকে ধৰি ১৬০০ৰো অধিক জীৱন ৰক্ষাকাৰী ঔষধ ৬০ শতাংশ সুলভ মূল্যত দিয়া হৈছে।

কৰোণা মহামাৰীৰ সৈতে যুঁজ আৰু গোটেই দেশবাসীক স্বদেশী ভেকচিন– কৰোণা মহামাৰী সময়ত দেশৰ শোচনীয় পৰিস্থিতিত দেশখনে বিদেশী কোম্পানীৰ সহায় নোলোৱাকৈ প্ৰথমবাৰৰ বাবে বিশুদ্ধ থলুৱা ভেকচিন প্ৰস্তুত কৰিছিল। ফাইজাৰ আৰু মডাৰ্ণাৰ দৰে বিদেশী কোম্পানীবোৰে তেওঁলোকৰ ভেকচিন দিয়াৰ বাবে চৰ্ত ৰাখিছিল যিয়ে দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছিল। সমগ্ৰ বিশ্ব আচৰিত কৰি ভাৰতে প্ৰায় ইয়াৰ সমগ্ৰ জনসংখ্যাক ডেৰ বছৰ সময়ত কাৰ্যকৰী থলুৱা ভেকচিনৰ টিকাকৰণ কৰাবলৈ সক্ষম। ভাৰততকৈ কম জনসংখ্যা আৰু শক্তিশালী স্বাস্থ্য আন্তঃগাঁথনি থকা আমেৰিকা আৰু ব্ৰিটেইনৰ দৰে দেশসমূহে এতিয়াও এই স্থান প্ৰাপ্ত কৰিবলৈ সক্ষম হোৱা নাই।

স্বাস্থ্য বীমা– আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৪ কোটিতকৈও অধিক লোকে বিনামূলীয়া চিকিৎসা লাভ কৰিছে। আয়ুষ্মান ভাৰতৰ দৰে ডিজিটেল স্বাস্থ্য অভিযানো যথেষ্ট সফল হৈছে। বৰ্তমানলৈকে, আয়ুষ্মান স্বাস্থ্য অভিযানৰ দ্বাৰা ২২ কোটিৰো অধিক লোক উপকৃত হৈছে।

গৰ্ভৱতী মহিলাৰ বাবে শিশুসকলক স্বাস্থ্যৱান কৰাৰ বাবে মিছন ইন্দ্ৰধনুষ আঁচনি হৈছে শিশুসকলক স্বাস্থ্যৱান আৰু ৰোগমুক্ত ৰখাৰ প্ৰধানমন্ত্ৰীৰ চিন্তাধাৰাৰ সুফল। স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ আৰু ই-সঞ্জীৱনী অ'পিডি আঁচনিৰ জৰিয়তে ১.৫ লাখ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ জৰিয়তে গোটেই দেশে ঘৰৰ ওচৰতে বিশেষজ্ঞ লাভ কৰিছে। ইয়াৰোপৰি প্ৰধানমন্ত্ৰীয়ে শৰীৰটো স্বাস্থ্যৱান কৰি ৰাখিবৰ বাবে সমগ্ৰ দেশক যোগ কৰিবলৈ অনুপ্ৰাণিত কৰিছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি